You don't have javascript enabled. Please Enabled javascript for better performance.

তিনিগৰাকী যুৱ উদ্যোগীৰ কথাৰে

Start Date: 29-11-2019
End Date: 29-11-2019
কিবা এটা কৰাৰ হাবিয়াসে খেদি ফুৰিছিল তিনিওজন যুৱকক। ২০১৮ বৰ্ষত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ তিনিজন যুৱক ডেভিদ প্ৰতীম গগৈ, ৰূপম চৌধুৰী আৰু মৌচুম তালুকদাৰে আৰম্ভ কৰিছিল নিজৰ সপোন বাস্তৱ কৰাৰ এক পৰিকল্পনা। চিভিল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ হিচাবে গৃ্হ নিৰ্মাণৰ বাবে ব্যৱহৃত ইটা সজাৰ এক উদ্যোগ, জেৰাণ্ড ব্ৰীকছ(Zerund Bricks) নামেৰে আৰম্ভ কৰিলে তিনিওজনে। গুৱাহাটীৰ সমীপৱৰ্তী আজাৰাত স্থাপন কৰা এই উদ্যোগে বৰ্তমান এক বিস্তৃত পৰিসৰত কাম কৰি আছে। এই উদ্যোগৰ এক উল্লেখযোগ্য বৈশিষ্ট্য হ’ল, ইটা উৎপাদনত পেলনীয়া প্লাষ্টিকৰ ব্যৱহাৰ। ইয়াৰ যোগেদি কেৱল পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাতেই গুৰুত্ব দিয়া হোৱা নাই, গৃ্হ নিৰ্মাণত শক্তিশালী আৰু দীৰ্ঘস্থায়ী ইটাৰ উৎপাদনৰ ওপৰতো সমানেই গুৰুত্ব দিয়া হৈছে। আহক এই তিনিগৰাকী যুৱকৰ প্ৰেৰণাদায়ী উদ্যম জেৰাণ্ড ব্ৰীকছ(Zerund Bricks)-ৰ সৈতে পৰিচিত হও।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে