You don't have javascript enabled. Please Enabled javascript for better performance.

গান্ধীজীৰ স্মৃতি বিজড়িত কস্তুৰবা আশ্ৰম

Start Date: 02-10-2020
End Date: 31-10-2023
মহামানৱ মহাত্মা গান্ধীৰ পত্নী ৰাষ্ট্ৰমাতা কস্তুৰবা গান্ধী আছিল গান্ধীজীৰ দৰেই এক সংগ্ৰামী সত্বা । কস্তুৰবা গান্ধীয়ে দেশমাতৃৰ হকে আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে সেই সময়ৰ নেতাসকলৰ প্ৰচেষ্টাত সমগ্ৰ দেশতে তেখেতৰ নামত এক অনুষ্ঠান গঢ় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই মৰ্মে সৰ্বভাৰতীয় স্তৰত ১৯৪৫ চনত গঠন কৰা হয় কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্ট । তাৰে অংশস্বৰূপে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ১৯৪৬ চনত গুৱাহাটীৰ শৰণীয়াত স্থাপন কৰা হয় কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্ট, অসম শাখা । উল্লেখযোগ্য যে,জাতিৰ পিতা গৰাকী ১৯৪৬ চনত চতুৰ্থ বাৰৰ বাবে অসমলৈ অহাৰ সময়ত এই স্থানতেই এটা সৰু ঘৰত তিনিটা নিশা অতিবাহিত কৰিছিল । গান্ধীজীৰ স্মৃতি বিজড়িত এই আশ্ৰমত আজিও একান্তভাৱে, নিষ্ঠাৰে গান্ধীজীৰ নীতি-আদৰ্শক ব্ৰত হিচাবে পালন কৰি ইয়াৰ সদস্য তথা প্ৰতিনিধিসকলে বিভিন্ন গঠনমূলক কৰ্মৰাজিৰে সমাজলৈ সেৱা আগবঢ়াই আহিছে । এই আশ্ৰমৰ বিষয়ে কিছু আভাস দিয়াৰ প্ৰয়াসেৰে জনতাৰ চৰকাৰ মাই গভ অসমৰ উদ্যোগত প্ৰস্তুত কৰি উলিওৱা হৈছে এটি ভিডিঅ’ ।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
3 তথ্য পোৱা গ’ল
679940

JAYANTA TOPADAR 3 বছৰ 5 হিচাপপূৰ্বে

निश्चित रूप से हमें एकजुट होकर महात्मा गांधी जी के विचारों को ज़िंदा रखना है। कस्तूरबा गांधी महोदया ने भी बापू के कंधे-से-कंधा मिलाकर स्वतंत्रता संग्राम में स्वच्छता-सेवा में अपना सर्वश्रेष्ठ योगदान दिया था। धन्य है अतुलनीय भारत हमारा...!!!