You don't have javascript enabled. Please Enabled javascript for better performance.

কৃষকৰ বন্ধু গুণজিৎ ব্ৰহ্ম

Start Date: 09-02-2019
End Date: 09-02-2019
কৃষি হৈছে অসমৰ অৰ্থনীতিৰ অন্যতম আধাৰ৷ কৃষিজাত উৎপাদনৰ ক্ষেত্ৰত এখন বজাৰ সৃষ্টিৰ দিশত অসমৰ এগৰাকী উদ্যমী যুৱক গুণজিৎ ব্ৰহ্মই আমাৰ কৃষক ৰাইজৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা৷ অসমৰ কৃষক সকলৰ উৎপাদনৰ সঠিক মূল্য প্ৰদান কৰাৰ প্ৰচেষ্টাৰে বহি:ৰাজ্যলৈ এই সামগ্ৰীসমূহ ৰপ্তানি কৰি ইয়াৰ বিক্ৰীৰ ক্ষেত্ৰত(Marketing ৰ ব্যৱস্থা কৰি) এক বিশেষ অৰিহণা যোগাই আহিছে৷ তেওঁৰ এই প্ৰচেষ্টাৰ দ্বাৰা গোৱালপাৰা,ওদালগুৰি,কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ২,০০০ তকৈও অধিক কৃষক বিশেষভাৱে উপকৃত হোৱাৰ লগতে কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত যথেষ্ট উৎসাহ লাভ কৰিছে৷ নৱপ্ৰজন্মৰ বাবে গুণজিৎ ব্ৰহ্ম এজন আদৰ্শ যুৱক৷আহক এই ভিডিঅ' যোগে তেওঁৰ এই প্ৰচেষ্টাৰ বিষয়ে কিছু কথা জানো৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে