You don't have javascript enabled. Please Enabled javascript for better performance.

আপুৰুগীয়া হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ প্ৰসাৰ

Start Date: 01-02-2020
End Date: 28-02-2023
অসমৰ সাংস্কৃতিক ঐতিহ্য আৰু জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ হ’ল হস্ততাঁত আৰু বস্ত্ৰশিল্প। অসমৰ দক্ষ শিপিনীসকলে আজিও এই প্ৰাচীন শিল্প জীয়াই ৰখাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰি আহিছে । গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ প্ৰসাৰৰ ক্ষেত্ৰত হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চাকালয়, অসমে বিভিন্ন সময়ত মেলা তথা বিভিন্ন প্ৰদৰ্শনীমূলক কাৰ্যসূচীৰ আয়োজন কৰি আহিছে। এনে কাৰ্যসূচীসমূহত অসমৰ বিভিন্ন প্ৰান্তৰ আগৰণুৱা শিপিনীসকলেৰে গঠিত মহিলা গোট, সমবায় সমিতিসমূহে অংশ লৈ নিজ হাতে বোঁৱা পৰম্পৰাগত সাজপাৰসমূহ প্ৰদৰ্শনৰ লগতে বিক্ৰীৰ সুযোগ লাভ কৰে। এনে কাৰ্যসূচীত অসমৰ শিপিনীসকলে প্ৰদৰ্শন কৰা নিজ হাতে বোঁৱা কাপোৰে যথেষ্ট সমাদৰ লাভ কৰাৰ লগতে ইয়াৰ উচিত মূল্য লাভ কৰাত আৰ্থিকভাৱেও শিপিনীসকল যথেষ্ট উপকৃত হৈছে। উল্লেখযোগ্য যে, বিভাগৰ অধীনত বিভিন্ন সময়ত শিপিনীসকলৰ কল্যাণাৰ্থে প্ৰশিক্ষণমূলক কাৰ্যসূচীৰ আয়োজন কৰাৰ লগতে তেওঁলোকলৈ অসম চৰকাৰে বিভিন্ন আঁচনিৰ অধীনত বিশেষভাৱে সহায়-সহযোগিতাও আগবঢ়াই আহিছে । চৰকাৰৰ এনে প্ৰচেষ্টাৰ বাবে ৰাজ্যৰ গ্ৰামাঞ্চলৰ বহু মহিলাই বোঁৱা-কটা কামত নিজকে নিয়োজিত কৰাৰ ক্ষেত্ৰত এক নতুন উদ্যম লাভ কৰিছে। আহক এটি ভিডিঅ’ৰ জৰিয়তে চৰকাৰৰ এনে গুৰুত্বপূৰ্ণ প্ৰয়াস সম্পৰ্কে কিছু আভাস লও ।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
6 তথ্য পোৱা গ’ল
31400

Raj Asom Laskar 4 বছৰ 1 monthপূৰ্বে

আগেয়ে অসমৰ শুৱালকুছিত পাট-মুগাৰ শিল্প কেন্দ্ৰীভূত হৈ আছিল যদিও বৰ্তমান অন্যান্য ঠাইলৈকো এই শিল্পই বিস্তাৰ লাভ কৰিছে৷ ১১শ শতিকাত পাল ৰাজবংশৰ ৰজা ধৰ্মপালে ২৬টা বোৱনী পৰিয়ালক তাঁতীকুছিৰ পৰা শুৱালকুছিলৈ লৈ আনিছিল। ১৭শ শতিকাত মোগলক পৰাস্ত কৰি শাসন সকলে শুৱালকুছি দখল কৰাৰ পিছত ইয়াত বয়নশিল্প গঢ় লৈ উঠিবলৈ ধৰে। ১৯৩০ চনলৈকে কেৱল তাঁতী জনগোষ্ঠীৰ মাজত সীমাবদ্ধ এই শিল্প লাহে লাহে আনবোৰ জনগোষ্ঠীৰ লোকেও গ্ৰহণ কৰিবলৈ ধৰে।

31400

Raj Asom Laskar 4 বছৰ 1 monthপূৰ্বে

অসমৰ সাংস্কৃতিক ঐতিহ্য আৰু জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ হ’ল শুৱালকুছিৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প। অসমৰ দক্ষ শিপিনীসকলে আজিও এই প্ৰাচীন শিল্প জীয়াই ৰখাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰি আহিছে । অসমৰ ৰেচম শিল্প বুলিলে প্ৰধানত পাট, মুগা আৰু এৰীসূতাৰে বোৱা বিভিন্ন সাজপোচাককে বুজায়৷ অসমৰ ৰেচম উদ্যোগ এটি আপুৰুগীয়া শিল্প ৷ অসমৰ অৰ্থনীতিৰ দিশটোৰ উপৰিও সাংস্কৄতিক দিশত ইয়াৰ গুৰুত্ব অশেষ, শুৱালকুছি অসমৰ প্ৰধান ৰেচম কেন্দ্ৰ। শুৱালকুছিত তৈয়াৰ হোৱা মুগা, এৰী আৰু পাটৰ কাপোৰ ভাৰতৰ আন ঠাইতো ঠাইতো চাহিদা আছে।