You don't have javascript enabled. Please Enabled javascript for better performance.

আকাশ স্পৰ্শৰ লক্ষ্যৰে বড়োলেণ্ড পেৰাগ্লাইডিং

Start Date: 23-02-2019
End Date: 23-02-2019
অসমত দু:সাহসিক পৰ্যটনৰ এটা অন্যতম নাম হৈ পৰিছে – ‘বড়োলেণ্ড পেৰাগ্লাইডিং’। উত্তৰ-পূব ভাৰতৰ প্ৰথমটো পেৰাগ্লাইডিং গোট হিচাবে বড়োলেণ্ড পেৰাগ্লাইডিঙে ইতিমধ্যে অসমত দু:সাহসিক পৰ্যটনৰ দিশত এখন নতুন দুৱাৰ মুকলি কৰিছে। অসমৰ বাহিৰত পেৰাগ্লাইডিঙৰ জনপ্ৰিয়তা বহু যদিও অসমত ই হৈছে এক সম্পূৰ্ণ নতুন দিশ। কোকৰাঝাৰ জিলাৰ ডাউকীবাৰীত অৱস্থিত ‘বড়োলেণ্ড পেৰাগ্লাইডিং’ আৰম্ভ কৰিছিল কোকৰাঝাৰ নিৱাসী যুৱক কেশৱ মুছাহাৰী আৰু তেওঁৰ সতীৰ্থসকলে। অসমৰ বাহিৰত পেৰাগ্লাইডিঙৰ বিশেষ প্ৰশিক্ষণ লৈ অহা কেশৱ মুছাহাৰীয়ে বৰ্তমান দু:সাহসিক পৰ্যটন আৰু ক্ৰীড়াৰ ক্ষেত্ৰত আগ্ৰহী সকলৰ বাবে কোকৰাঝাৰত পেৰাগ্লাইডিঙৰ সুবিধা আৰম্ভ কৰিছে। বড়োলেণ্ড পৰ্যটনৰ সহায়ত অত্যাধুনিক ATV বাহনৰ দ্বাৰা চক্ৰশীলা পাহাৰৰ টিলাত উপস্থিত হৈ পেৰাগ্লাইডিঙেৰে আকাশত উৰাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিছে এই পৰ্যটন উদ্যোগে। বড়োলেণ্ড পেৰাগ্লাইডিঙৰ এই দু:সাহসিক যাত্ৰাৰ বিষয়ে কিছু কথাৰ গম লও আহক।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে