You don't have javascript enabled. Please Enabled javascript for better performance.

অসম দক্ষতা বিকাশ অভিযান (ASDM)

উদ্যোগী, দক্ষতা আৰু নিয়োগ বিভাগ, অসমৰ এক শীৰ্ষ সংস্থান অসম দক্ষতা বিকাশ অভিযানে দক্ষতা বিষয়ক সকলো ধৰণৰ কাৰ্যসূচী নিয়ন্ত্ৰণ কৰে। ৰাজ্যৰ যুৱচামক দক্ষতা বিকাশৰ দ্বাৰা জীৱিকা আৰু আয় বৃদ্ধি, হৈছে এই অভিযানৰ মূল লক্ষ্য। ই হ্ৰস্বম্যাদী দক্ষতা প্ৰশিক্ষণৰ যোগেদি ৰাজ্যৰ দক্ষতাবিহীন অংশ সমূহ পূৰণ কৰে। ৰাজ্যত নিশ্চিত নিয়োগ আৰু উদ্যমিতাৰ সুবিধা উপলব্ধ কৰোৱা ইয়াৰ এক উদ্দেশ্য। ইয়াৰ দীৰ্ঘম্যাদী উদ্দেশ্যৰ এক অংশ হৈছে ৰাজ্যৰ মানৱ সম্পদৰ উচিত মূল্যায়নৰ দ্বাৰা নিবনুৱা সমস্যা আৰু দৰিদ্ৰতা দূৰীকৰণ। এই শীৰ্ষ সংস্থানটোৱে নিয়োগ আৰু দক্ষ মানৱ সম্পদ নিৰ্মাণৰ লগতে সম্পদ উৎপাদন আৰু গ্ৰাম্য অৰ্থনীতি সৱলীকৰণৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে।

শ্ৰমৰ মৰ্যাদা অটুট ৰাখি অসম দক্ষতা বিকাশ অভিযানে অৰ্থপূৰ্ণ নিয়োগ নীতিৰে অসমৰ আৰ্থ-সামাজিক স্থিতিকো সৱল ৰূপত প্ৰতিষ্ঠা কৰি আহিছে। দক্ষতা বিকাশৰ জৰিয়তে সৱল অৰ্থনীতিয়েই এই অভিযানৰ মূলমন্ত্ৰ।