You don't have javascript enabled. Please Enabled javascript for better performance.

Growing Strawberry for a Living

Start Date: 08-03-2019
End Date: 31-03-2022
চৰকাৰী সাহায্যৰ দ্বাৰা বিশেষভাৱে উপকৃত হৈ কৃষিকৰ্মৰ যোগেদি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ কৃষক ইলিয়াছ আলী। কৃষি বিভাগে যোগান ধৰা পুলি, বীজ, সাৰ আদিৰে কেইবা বিঘা কৃষিভূমিত ষ্ট্ৰবেৰী খেতি কৰি স্বাৱলম্বনৰ বাট মোকলাই ল’বলৈ সক্ষম হৈছে কৃষকগৰাকী। নিজকে ষ্ট্ৰবেৰী খেতিত নিয়োজিত কৰি আৰ্থিকভাৱে লাভাম্বিত হোৱা ইলিয়াছ আলীয়ে ষ্ট্ৰবেৰীৰ উপৰিও ফুলকবি, জলকীয়া আদিৰ খেতিতো মনোনিৱেশ কৰিছে। নিজৰ প্ৰচেষ্টা আাৰু পৰিশ্ৰমৰ দ্বাৰা কৃষিকৰ্মত নিজকে নিয়োগ কৰি অঞ্চলটোৰ যুৱপ্ৰজন্মক ইলিয়াছ আলীয়ে দেখুওৱাইছে আদৰ্শৰ বাট।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল