You don't have javascript enabled. Please Enabled javascript for better performance.

Craft making competition on the theme “Beat Plastic Pollution”

Start Date: 29-05-2018
End Date: 01-07-2018

আমি দৈনিক ব্যৱহাৰ কৰি অহা প্লাষ্টিকজাত সামগ্ৰীসমূহে আমাৰ চৌপাশৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

আমি দৈনিক ব্যৱহাৰ কৰি অহা প্লাষ্টিকজাত সামগ্ৰীসমূহে আমাৰ চৌপাশৰ পৰিৱেশটো ভয়াৱহভাৱে বিনষ্ট কৰি আহিছে। ইয়াৰ ফলত আমাৰ বনাঞ্চল, জলাশয়, বন্যপ্ৰাণী আদিৰ প্ৰতিও ভাবুকি নামি আহিছে। গতিকে এনে পৰিস্থিতিত আমাৰ চৌপাশৰ পৰিৱেশটো প্ৰদূষণমুক্ত হিচাপে গঢ়ি তুলিবলৈ তথা প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰিবলৈ হ’লে আমি প্লাষ্টিকজাত সামগ্ৰীৰ সলনি যিকোনো পচনশীল সামগ্ৰী ব্যৱহাৰ কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে।

৫ জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জনতাৰ চৰকাৰ MyGov Assam য়ে পেলনীয়া প্লাষ্টিকজাত সামগ্ৰীৰে নিৰ্মিত শিল্প(Craft) তথা সৃজনীশীল প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

উদ্দেশ্য- প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধ

শ্ৰেষ্ঠ হিচাবে নিৰ্বাচিত শিল্পলৈ প্ৰমাণ পত্ৰসহ নগদ ১০,০০০ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব।

অংশগ্ৰহণৰ অন্তিম তাৰিখ – ৩০ জুন, ২০১৮

চৰ্তাৱলী

  • শিল্পটোৰ (Craft) এক ভিডিঅ’ নিৰ্মাণ কৰিব লাগিব।
  • ভিডিঅ’টো ইউটিউবত আপলোড কৰি ইউটিউব লিংকটো আমালৈ প্ৰেৰণ কৰিব লাগিব।
  • এক বা তাতোধিক সংখ্যক ভিডিঅ’ প্ৰেৰণ কৰিব পাৰে।
  • নিজৰ নাম, ঠিকনা আৰু যোগাযোগৰ নম্বৰ উল্লেখ কৰাটো বাঞ্চনীয়।
  • জমা কৰা ভিডিঅ’ মৌলিক হোৱাটো বাধ্যতামূলক।
  • ভিডিঅ’ৰ ন্যূনতম ৰিজ’লিউশ্যন(Minimum video resolution) 720p আৰু দৃশ্যানুপাতিক ৰেখ(Aspect ratio) 16:9 হোৱাটো জৰুৰী।
  • mp4/MOV/AVI/VOB ফাইল ফৰ্মেটৰ ভিডিঅ’হে গ্ৰহণ কৰা হ’ব।

MyGov Assam ৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ’ব।

সকলো মন্তব্য
মুঠ অৱদান ( 44) অনুমোদিত অৱদানসমূহ (44) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (0) জমা বন্ধ
Reset
1 তথ্য পোৱা গ’ল
200

Jyotishman Mazumdar 5 বছৰ 9 হিচাপপূৰ্বে

Submitted By:
Jyotishman Mazumdar
Address: Khanapara Farmgate Farmcampus Ghy 22 Assam.
Ph no.-8724908604.
My Email- jyotishmanmazumdar49@gmail.com
My 1st video( recycling frooti pack)
https://youtu.be/TmlP2K1c1YU
My 2nd video ( recycling plastic bottle)
https://youtu.be/kSWoL-YYLi4
My 3rd video ( recycling Chips or plastic packet)
https://youtu.be/Qb5HURZ-DQU