You don't have javascript enabled. Please Enabled javascript for better performance.

Take Up the #SarvaYogaChallenge

Start Date: 11-06-2018
End Date: 22-06-2018

ঐতিহ্যময় ভাৰতীয় সংস্কৃতিৰ এক পৰিচয় হিচাবে অতীজৰে পৰা যোগাভ্যাসে ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ঐতিহ্যময় ভাৰতীয় সংস্কৃতিৰ এক পৰিচয় হিচাবে অতীজৰে পৰা যোগাভ্যাসে দখল কৰি আহিছে এখন উল্লেখযোগ্য আসন। আমাৰ শাৰীৰিক, মানসিক আৰু দৈহিক শক্তিৰ বিকাশত যোগাভ্যাসে প্ৰভূত বৰঙণি আগবঢ়াই আহিছে। যোগাভ্যাস এতিয়া কেৱল ভাৰততে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত শাৰীৰিক আৰু মানসিক প্ৰশান্তিৰ এক উল্লেখযোগ্য অভ্যাস হিচাবে জনপ্ৰিয়তা আৰ্জিছে।
গৱেষণাৰ দ্বাৰা প্ৰমাণিত হৈছে যে, নিয়মীয়া যোগাভ্যাসে বহু জটিল ৰোগকে ধৰি বিভিন্ন স্বাস্থ্যজনিত সমস্যা সমাধানৰ ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা পালন কৰে। যোগাভ্যাসৰ গুৰুত্ব বিশ্ব সমুদায়ে উপলব্ধি কৰাৰ ফলশ্ৰুতিতে ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘত গৃহীত এক প্ৰস্তাৱযোগে প্ৰতিবছৰৰ ২১ জুন তাৰিখটো ‘আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস’ হিচাবে পালন কৰাৰ আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰা হয়।
যোগাভ্যাসে আপোনাৰ জীৱনত কেনেদৰে ধনাত্মক প্ৰভাৱ পেলাইছে? আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে জনতাৰ চৰকাৰ MyGov,Assam য়ে বিচাৰিছে যোগাভ্যাস সম্পৰ্কীয় আপোনাৰ অভিজ্ঞতা।
যোগাসন অৱস্থাত থকা আপোনাৰ এখন ফটো অথবা এটা ভিডিঅ’ আমালৈ প্ৰেৰণ কৰক। অথবা YouTube ত আপলোড কৰি লিংকটো www.assam.mygov.in বা mygovassam@gmail.com লৈ প্ৰেৰণ কৰক।
প্ৰেৰণৰ অন্তিম তাৰিখ : ১৮ জুন, ২০১৮
নিয়মাৱলী :
• এগৰাকী ব্যক্তিয়ে মাত্ৰ এটা ভিডিঅ’ হে প্ৰেৰণ কৰিব পাৰিব।
• ভিডিঅ’টো mp4/MOV/ AVI/VOB ফৰমেটত উপলব্ধ হ’ব লাগিব।
• এই ভিডিঅ’টো মাই গভ্‍ অসমৰ সম্পত্তি হিচাবে গণ্য কৰা হ’ব।
• মাইগভ্ অসমৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ’ব।

সকলো মন্তব্য
মুঠ অৱদান ( 4) অনুমোদিত অৱদানসমূহ (4) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (0) জমা বন্ধ
Reset
1 তথ্য পোৱা গ’ল