You don't have javascript enabled. Please Enabled javascript for better performance.

Seeking Innovative Ideas on Ways to Conserve Energy Resources

Start Date: 14-12-2017
End Date: 31-03-2021

১৪ ডিচেম্বৰ তাৰিখে ভাৰতবৰ্ষই ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস পালন ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

১৪ ডিচেম্বৰ তাৰিখে ভাৰতবৰ্ষই ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস পালন কৰে। ইয়াৰ মূল লক্ষ্য হৈছে শক্তি সম্পদসমূহৰ গুৰুত্ব উপলব্ধি আৰু সংৰক্ষণৰ ব্যৱস্থা। এই বিশেষ দিনটোৱে জনসাধাৰণৰ মাজতো গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ দিশতো সজাগতা বৃদ্ধি কৰে।

শক্তি সম্পদসমূহ সীমিত। কয়লা, তেল, প্ৰাকৃতিক গেছ আদি অ-নৱীকৃত শক্তি সম্পদসমূহ পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি। প্ৰাকৃতিক সম্পদৰাজিৰ অনুচিত ব্যৱহাৰে ভবিষ্যতে সম্পদৰ নাটনিৰে এক সংকটজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, যিয়ে ভবিষ্যত প্ৰজন্মক প্ৰভাৱিত কৰিব।

এই গভীৰ সংকটৰ কথা উপলব্ধি কৰি মাই গভ অসমে অসমৰ জনসাধাৰণৰ পৰা প্ৰাকৃতিক শক্তি সম্পদৰ সংৰক্ষণৰ দিশত বিভিন্ন পৰামৰ্শ বিচাৰিছে।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
2410

Dhrubajyoti Kalita 6 বছৰ 2 হিচাপপূৰ্বে

১) বিদ্যুত সংযোগ লোৱা প্ৰতিটো পৰিয়াল আৰু অনুষ্ঠানক সহজ-সৰল ভাষাত প্ৰস্তুত কৰা বিদ্যুৎ সঞ্চয় আৰু মিতব্যয়ী সম্পৰ্কীয় পুস্তিকা দিয়াটো বাধ্যতামূলক কৰিব লাগে।
২) ঘৰুৱা বা বাণিজ্যিক কামৰ বাবে ব্যৱহাৰ কৰা বৈদ্যুতিক সঁজুলিৰ মানদণ্ড সম্পৰ্কে ঘৰে ঘৰে নিয়মীয়া নিৰীক্ষণৰ ব্যৱস্থা কৰাৰ লগতে গ্ৰাহকক সেইবোৰৰ শেহতীয়া মান সম্পৰ্কে প্ৰতিবেদন দিয়াটো বাধ্যতামূলক কৰিব লাগে।
৩) বিদ্যালয়-মহাবিদ্যালয়ত বছৰি বিদ্যুতৰ নিৰাপদ আৰু মিতব্যয়ী ব্যৱহাৰ সম্পৰ্কে প্ৰদৰ্শনী আৰু সজাগতা সভা পাতিব লাগে।