You don't have javascript enabled. Please Enabled javascript for better performance.

Let’s Join Hands & Remove The Stigma Surrounding HIV/AIDS

Start Date: 03-11-2017
End Date: 01-12-2017

এক ভয়ংকৰ ঘাতক হিচাবে পৰিচিত এইডচ ৰোগ বৰ্তমান সময়ত বহুচৰ্চিত এক ৰোগ। ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

এক ভয়ংকৰ ঘাতক হিচাবে পৰিচিত এইডচ ৰোগ বৰ্তমান সময়ত বহুচৰ্চিত এক ৰোগ। কিন্তু এই ৰোগক লৈ সমাজত এতিয়াও কিছুমান ভ্ৰান্ত ধাৰণা প্ৰচলিত হৈ আছে। মানৱ দেহত এইচ আই ভি ভাইৰাছৰ সংক্ৰমণৰ ফলত এইডচ ৰোগে দেখা দিয়ে। এই ভাইৰাছে মানুহৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা তন্ত্ৰ ধ্বংস কৰি দিয়ে।
অসুৰক্ষিত যৌন সম্ভোগ, পুৰণি বেজী অথবা চিৰিঞ্জ, ড্ৰাগচ, অসুৰক্ষিত ৰক্ত পৰিবহন আদিৰ দ্বাৰা মুলত: এই ৰোগ সংক্ৰমিত হয়। এই ৰোগৰ সম্পুৰ্ণ উপশম জৰিত চিকিৎসা পদ্ধতি এতিয়ালৈকে উদ্ভাৱন হোৱা নাই। কিন্তু এই ৰোগক লৈ বিভিন্ন সময়ত বিভিন্ন ভ্ৰান্ত ধাৰণ জনসাধাৰণৰ মাজত দেখা পোৱা যায়। এই ৰোগত আক্ৰান্ত ব্যক্তিসকলক সমাজত এক প্ৰকাৰৰ হেয় জ্ঞান কৰা হয়। ফলত আক্ৰান্ত ব্যক্তিসকল মানসিকভাৱে ভাঙি পৰে আৰু স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে। বহু শিক্ষিত ব্যক্তিকে ধৰি ৰোগীৰ বন্ধু, পৰিয়ালৰ লোকেও এইডচ ৰোগ সম্পৰ্কে কিছুমান ভ্ৰান্ত ধাৰণ লৈ ৰোগীসকলক অৱ্জ্ঞা কৰা থকা দেখা যায়।
এইডচ ৰোগ যদিও জীৱননাশী ৰোগ তথাপি বৰ্তমান উন্নত চিকিৎসা পদ্ধতিয়ে এই ৰোগ বিয়পা ৰোধ কৰিবলৈ, লগতে ৰোগীসকলেও এক স্বাভাৱিক জীৱন যাপন কৰিব পৰাকৈ চিকিৎসা সেৱাৰ বিভিন্ন উপায় উদ্ভাৱন কৰিছে।

অহা ১ ডিচেম্বৰ বিশ্ব এইডচ দিৱস উপলক্ষে সমাজৰ পৰা এইচ আই ভি/এইডচ সম্পৰ্কীয় ভ্ৰান্ত ধাৰণাসমূহ আঁতৰ কৰিবলৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়, এই সম্পৰ্কে মাই গভ অসমে জনসাধাৰণৰ পৰা মতামত তথা দিহা পৰামৰ্শ কামনা কৰিছে।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
200

Subodh kr Sarma 6 বছৰ 4 হিচাপপূৰ্বে

In my view Prevention of AIDS is possible if,
1. We include it as a chapter/topic in our school curriculum up to class 12.
2. Various 'on site' awareness activities are required for those who are out of school, poor or illiterate along with mass media awareness.

To eliminate the stigma associated with it,
1. Involve those who are suffering from it. With respect and dignity let them connect to common people through mass media. Artist, Singer or political leaders can help them to highlight.