You don't have javascript enabled. Please Enabled javascript for better performance.

Utilising the Untapped Potential in the Agricultural Sector of Assam

Start Date: 24-10-2017
End Date: 24-11-2017

কৃষি হৈছে অসমৰ এক মূল জীৱিকা। মুঠ জনসংখ্যাৰ ৭০ শতাংশতকৈ অধিক লোক ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

কৃষি হৈছে অসমৰ এক মূল জীৱিকা। মুঠ জনসংখ্যাৰ ৭০ শতাংশতকৈ অধিক লোক কৃষিক্ষেত্ৰৰ সৈতে জড়িত। সাৰুৱা ভূমি, অনুকূল বতৰ, চহকী জৈৱ-বৈচিত্ৰতাৰে ভৰা অসমত কৃষিক্ষেত্ৰত সহায়ক হোৱাকৈ এতিয়াও অপাৰ সম্ভাৱনীয়তা লুকাই আছে।

ধান, মাহ, সৰিয়হ, আলু, ঘেঁহুৰ লগতে চাহ, মৰাপাট, কুঁহিয়াৰ, কপাহ ইত্যাদি খেতি অসমত প্ৰচুৰ পৰিমানে হোৱা দেখা যায়। বৰ্তমান সময়ত আন্তৰাষ্ট্ৰীয় বজাৰলৈ লক্ষ্য ৰাখি বিভিন্ন ফল-মূলৰ লগতে মচলাজাতীয় শস্যৰো প্ৰচুৰ খেতি হোৱা দেখা যায়। যুৱচামকে ধৰি বহু কৃষক বৰ্তমান জৈৱিক কৃষিপদ্ধতিৰ প্ৰতি বেছিকৈ আকৃষ্ট হোৱা দেখা গৈছে। এক বিজ্ঞানসন্মত সৰ্বাঙ্গীন আঁচনি আৰু বজাৰ সৃষ্টিৰে কৃষি ৰপ্তানিৰ ক্ষেত্ৰতো অসমে এক মুখ্য ভূমিকা গ্ৰহণ কৰাৰ সামৰ্থ্য আছে।
অসম চৰকাৰে ৰাজ্যৰ কৃষিখণ্ডত ব্যাপক পৰিৱৰ্তন অনাৰ দিশত অগ্ৰসৰ হৈছে। এই ক্ষেত্ৰত জনসাধাৰণৰ সহায় সহযোগিতা কাম্য। অসম চৰকাৰে মাই গভ অসমৰ জৰিয়তে কৃষিখণ্ডত থকা বিভিন্ন সম্ভাৱনীয়তা সমুহ চিনাক্ত কৰি কেনেদৰে এই দিশত এক উল্লেখযোগ্য সাফল্য লাভ কৰিব পৰা যায়, এই সম্পৰ্কে জনসাধাৰণৰ পৰা মতামত আশা কৰিছে।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
2410

Dhrubajyoti Kalita 6 বছৰ 4 হিচাপপূৰ্বে

পৰামৰ্শৱলী-২
১) প্ৰতিখন গাঁওত সমূহীয়াকৈ শীতল গৃহ আৰু ভঁৰাল ঘৰ স্থাপন কৰিব লাগে।
২) ৰাজ্যিক ভিত্তিত বৃহৎ কৃষি আঁচনি লোৱাতকৈ প্ৰতিখন গাঁওক স্থানীয় পৰিৱেশ অনুসৰি কৃষি পদ্ধতি পৰিচালনাৰ বাবে গঢ় দিব লাগে।
৩) বাৰিষাৰ সময়ত বানে নষ্ট কৰিব পৰা খেতি কৰাতকৈ সেই সময়খিনিত কৃষকক অন্যান্য বিকল্প কাম দিব লাগে।
৪) স্বাস্থ্য, পৰিৱেশ আৰু থলুৱা সংস্কৃতিৰ সুৰক্ষাৰ স্বাৰ্থত পৰম্পৰাগত কৃষি পদ্ধতিবোৰৰ সুপৰিচালনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।