You don't have javascript enabled. Please Enabled javascript for better performance.

Slogan Writing Competition on the Occasion of Van Mahotsav

Start Date: 23-06-2017
End Date: 07-07-2017

৬৮তম বন মহোৎসৱ ১ জুলাইৰ পৰা ৭ জুলাই ২০১৭ লৈ ৰাজ্যজুৰি অনুষ্ঠিত হ’ব। ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

৬৮তম বন মহোৎসৱ ১ জুলাইৰ পৰা ৭ জুলাই ২০১৭ লৈ ৰাজ্যজুৰি অনুষ্ঠিত হ’ব। সপ্তাহজোৰা এই কাৰ্যসূচীত বৃহৎসংখ্যক গছপুলি ৰোপণৰ লগতে জৈৱ বৈচিত্ৰৰ ভাৰসাম্যতা ৰক্ষাৰ্থে পৰিৱেশ সংৰক্ষণৰ সজাগতাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হ’ব।
গছপুলি ৰোপণৰ এই বৃহৎ উৎসৱত জনসাধাৰণৰ মাজত পৰিৱেশ সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবৰ বাবে অসম চৰকাৰৰ বন বিভাগে মাই গভ্ অসমৰ সহযোগত এক শ্লোগান লিখা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই শ্লোগানৰ মূল বিষয়স্তু হ’ল – অসমৰ বনজ সম্পদ আৰু সংৰক্ষণৰ দ্বাৰা সজাগতা বৃদ্ধি।
শ্ৰেষ্ঠ শ্লোগানৰ বাবে আছে আকৰ্ষণীয় পুৰস্কাৰ।
প্ৰেৰণৰ অন্তিম তাৰিখ ৭ জুলাই, ২০১৭
নিয়মাৱলী :
• শ্লোগান উল্লিখিত নিৰ্দিষ্ট বিষয়বস্তুক সাঙুৰি প্ৰস্তুত কৰিব লাগিব।
• MSWord / JPEG/PNG/PDF/TIFF ফৰ্মেটত দাখিল কৰিব লাগিব।
• শ্লোগান অসমীয়া অথবা ইংৰাজী ভাষাত হ’ব লাগিব।
• চিঞাহীৰে লিখি ফটো আপলোড কৰিলে সেয়া গ্ৰহণীয় নহ’ব।
• শ্লোগানৰ ভাষা অমাৰ্জিত অথবা অসংবিধানিক হ’ব নোৱাৰিব।
• প্ৰতিযোগিতাৰ অংশগ্ৰহণ কৰা ব্যক্তি মূল শ্লোগানৰ লিখক হ’ব লাগিব আৰু কোনো ধৰণৰ নকল কৰিব নোৱাৰিব।
• আকৰ্ষণীয় শ্লোগানক প্ৰাধান্য দিয়া হ’ব। শ্লোগান ২০ টাতকৈ অধিক শব্দৰ হ’ব নোৱাৰিব।

সকলো মন্তব্য
মুঠ অৱদান ( 187) অনুমোদিত অৱদানসমূহ (186) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (1) জমা বন্ধ
Reset
1 তথ্য পোৱা গ’ল