You don't have javascript enabled. Please Enabled javascript for better performance.

Slogan Competition On Road Safety

Start Date: 12-05-2017
End Date: 14-06-2017

অসমত ৫০.৪% মৃত্যুৰ কাৰণ হ’ল পথ দুৰ্ঘটনা। যিটো হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসমত ৫০.৪% মৃত্যুৰ কাৰণ হ’ল পথ দুৰ্ঘটনা। যিটো হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত ৩৬.৪%। দিনক দিনে বৃদ্ধি পাবলৈ লোৱা যান-বাহনৰ সংখ্যা, পথৰ দূৰৱস্থা আদিৰ বাবে এনে ঘটনা বৃদ্ধি পাইছে যদিও মানুহৰ অসাৱধানতা তথা ট্ৰেফিক আইন ভংগ কৰা আদিৰ ফলত এনে ঘটনা অতি চিন্তনীয়ভাৱে বাঢ়িবলৈ লৈছে।
ৰাজ্যৰ আৰ্থ-সামাজিক দিশটোৰ ব্যাপক ক্ষতিসাধন কৰা এনে ঘটনা বৰ্তমান সময়ত সমাজৰ প্ৰতিজন সচেতন নাগৰিকৰ বাবে এক চিন্তনীয় বিষয় হৈ পৰিছে। কেৱল সজাগতা তথা সাৱধানতাৰ দ্বাৰাহে এনে ঘটনা ৰোধ কৰাটো সম্ভৱ। পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু এই ক্ষেত্ৰত জনসাধাৰণৰ সহযোগিতা তথা দিহা-পৰামৰ্শ অতিকৈ প্ৰয়োজনীয়।

প্ৰতিযোগিতা
পথ সুৰক্ষাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ বিচাৰি অসম চৰকাৰে আয়োজন কৰিছে শ্লোগান লিখা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত অংশ লৈ শ্লোগানৰ জৰিয়তে পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত চৰকাৰখনলৈ আপোনাৰ মূল্যৱান দিহা-পৰামৰ্শ আগবঢ়াওক।

অন্তিম তাৰিখ – ১৩/০৬/২০১৭

পুৰস্কাৰ-
প্ৰথম পুৰস্কাৰ- ২০,০০০ টকা
দ্বিতীয় পুৰস্কাৰ- ১৫,০০০ টকা
তৃতীয় পুৰস্কাৰ- ১০,০০০ টকা

সকলো মন্তব্য
মুঠ অৱদান ( 306) অনুমোদিত অৱদানসমূহ (301) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (5) জমা বন্ধ
#roadSafety
Reset
1 তথ্য পোৱা গ’ল