You don't have javascript enabled. Please Enabled javascript for better performance.

Jingle Making Competition On Theme – "Sanitation and ODF Awareness"

Start Date: 18-04-2017
End Date: 19-05-2017

মুকলি ঠাইত মলত্যাগ হৈছে জনস্বাস্থ্যৰ প্ৰতি এক ভাবুকি স্বৰূপ। ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

মুকলি ঠাইত মলত্যাগ হৈছে জনস্বাস্থ্যৰ প্ৰতি এক ভাবুকি স্বৰূপ। জনসংখ্যা বাঢ়ি অহাৰ লগে লগে এই সমস্যাই গভীৰভাৱে দেখা দিছে। শৌচাগাৰৰ অভাৱ আৰু স্বাভাৱজাত অভ্যাস ইয়াৰ এক মূল কাৰণ। যদিও অসমৰ নগৰাঞ্চলৰ লোকৰ মাজত এনে প্ৰৱণতা কম তথাপি ঘন বসতিপূৰ্ণ কিছুমান এলেকা অথবা বহিৰাগত লোকৰ ক্ষেত্ৰত এনে প্ৰৱনতা দেখা পোৱা যায়। নগৰাঞ্চলত বাস কৰা লোকৰ কিছু সংখ্যকৰ উপযুক্ত জ্ঞানৰ অভাৱৰ বাবে প্ৰায়ে পকী শৌচালয়ৰ পৰিৱৰ্তে কেঁচা শৌচালয় ব্যৱহাৰ কৰে। নগৰাঞ্চলত বহু শিক্ষিতলোকে মুকলিকৈ প্ৰস্ৰাৱ কৰা দেখা যায়। ইয়াৰ দ্বাৰা অস্বাস্থ্যকৰ পৰিৱেশে বিৰাজ কৰে। অসম চৰকাৰে অনাময় আৰু মুকলিত মলত্যাগ মুক্ত সজাগতাৰ ক্ষেত্ৰত শৌচাগাৰ নিৰ্মাণকে ধৰি বিভিন্ন কাম হাতত লৈছে।
এই প্ৰতিযোগিতাৰ দ্বাৰা অনাময় আৰু মুকলিত মলত্যাগ মুক্ত সজাগতা বিষয়ত জনসাধাৰণৰ পৰা বিভিন্ন মতামত আহ্বান কৰা হৈছে।
সু-স্বাস্থ্যৰ বাবে সম্ভাৱ্য প্ৰতিৰোধমূলক ব্যৱস্থা সমাধান সূত্ৰ প্ৰদৰ্শনৰ জৰিয়তে অনাময় শৌচাগাৰ নিৰ্মাণ কৰি ইয়াক ব্যৱহাৰ কৰিবলৈ নাইবা বৰ্তমানৰ কেঁচা শৌচালয় সমূহ অনাময় শৌচালয়লৈ পৰিৱৰ্তন কৰিবলৈ আমি জনসাধাৰণক এই প্ৰতিযোগিতাৰ দ্বাৰা উৎসাহিত কৰিব বিচাৰো, যিয়ে অসমক এখন মুকলি স্থানত মলত্যাগ মুক্ত ৰাজ্য হিচাবে পৰিগণিত কৰিব।

বিষয়বস্তু :
অনাময় আৰু মুকলিত মলত্যাগ আৰু ইয়াৰ পৰা হ’ব পৰা সমস্যা।
অনাময় আৰু মুকলিত মলত্যাগ আৰু সমূহীয়া সমাধান ব্যৱস্থা
ভাষা : অসমীয়া/ইংৰাজী/বড়ো/হিন্দী

অন্তিম তাৰিখ : ১৮.০৫.১৭

প্ৰথম পুৰস্কাৰ ৩০,০০০ টকা
দ্বিতীয় পুৰস্কাৰ ২০,০০০ টকা
তৃতীয় পুৰস্কাৰ ১০,০০০ টকা

সকলো মন্তব্য
মুঠ অৱদান ( 21) অনুমোদিত অৱদানসমূহ (20) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (1) জমা বন্ধ
Reset
1 তথ্য পোৱা গ’ল
300

Goutam Sharma 6 বছৰ 11 হিচাপপূৰ্বে

huna huna horbojono
Amaro bosono
Mukolit souch kara tumi
Kora hu borjono.

huna huna horbojono
Amaro bosono
Sarkari Asonikora upobhugo
Ghore swochaloi kori lua nirmano

Mukolit kora souch
Anibo biporjoi o
kolera diaria r
Nokoriba abahono

Ahomr poduli uduli muduli
Ghore shochaloi hobo he
Gobindai ram
Jati jono jati, sokolue mili ami
Bonam Swacha Axomr bheti hei
Gobindai ram

Lyrics: Goutam Sharma
Singer & Music :Angiraa Bharadwaj