You don't have javascript enabled. Please Enabled javascript for better performance.

আপোনাৰ প্ৰিয় ঠাই

Start Date: 30-01-2020
End Date: 28-02-2021

প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যৰ ভঁৰাল অসম। সেউজ অৰণ্য, পাহাৰ, নদ-নদী, আৰু ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যৰ ভঁৰাল অসম। সেউজ অৰণ্য, পাহাৰ, নদ-নদী, আৰু বিশাল মহাবাহু ব্ৰহ্মপুত্ৰই অসমৰ জেউতি দুগুণে চৰায়। প্ৰকৃতিয়েই নহয়, অসমৰ ঐতিহ্যময় কৃষ্টি, সংস্কৃতি আৰু বুৰঞ্জীয়ে অসমভূমিক দিয়ে অনন্য পৰিচয়। বহু হাজাৰ বছৰীয়া ইতিহাসৰ সাক্ষী অসমভূমি দেশৰ ভিতৰতে এক উল্লেখযোগ্য পৰ্যটনভূমি।

আপুনি নিশ্চয় অসমৰ বিভিন্ন পৰ্যটন স্থলী ভ্ৰমণ কৰিছে। এই ঠাইসমূহৰ ভিতৰত কোনখন ঠাই আপোনাৰ আটাইতকৈ প্ৰিয় আৰু কিয়? আপোনাৰ মতামত মন্তব্য আকাৰেৰে আমালৈ প্ৰেৰণ কৰিব পাৰে।

সকলো মন্তব্য
মুঠ অৱদান ( 58) অনুমোদিত অৱদানসমূহ (31) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (27) জমা বন্ধ
Reset
1 তথ্য পোৱা গ’ল
24740

Sirazul Islam 3 বছৰ 4 হিচাপপূৰ্বে

ব্ৰহ্মপুত্ৰৰ বুকুতেই পৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপ মাজুলী অৱস্থিত। ইয়াৰ প্ৰাকৃতিক পৰিৱেশ মানুহৰ সহজ সৰল মনোভাব, সুন্দৰ্য এটা পাহৰিব নোৱাৰা স্মৃতি। মাজুলী ব্ৰমন কৰি মোৰ বহুত ভাল লাগিছে। এই দ্বীপৰ মুঠ এলেকা হল ৬৪৫ বৰ্গ কিলোমিটাৰ এই নদী দ্বীপত ১৫৫ খন গাওঁ আছে। জৈৱ বৈচিত্র দিশৰপৰা মাজুলী অতিকৈ চহকী। এই নদী দ্বীপ সত্ৰীয়া সংস্কৃতিৰ প্ৰান কেন্দ্র। মাজুলীৰ মুখা শিল্প বিশ্ব বিখ্যাত।