You don't have javascript enabled. Please Enabled javascript for better performance.

Send Write-Ups for Indradhanu A multilingual children e-magazine

Start Date: 10-10-2020
End Date: 31-10-2020

ছাত্ৰ ছাত্ৰীসকলৰ মানসিক বিকাশৰ লগতে সৃজনীমূলক দিশটোত বিশেষ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক
শিশু সাহিত্যৰ বহুভাষিক ই-সংকলনৰ বাবে ছাত্ৰ-ছাত্ৰীৰ পৰা লেখা আহ্বান

ছাত্ৰ ছাত্ৰীসকলৰ মানসিক বিকাশৰ লগতে সৃজনীমূলক দিশটোত বিশেষ গুৰুত্ব প্ৰদান কৰি এক উপযুক্ত প্লেটফৰ্ম প্ৰদান কৰাৰ লক্ষ্যৰে মাই গভ অসমৰ উদ্যোগত প্ৰকাশ কৰিবলৈ যো-জা চলোৱা হৈছে এখনি শিশু সাহিত্যৰ ই-সংকলন। অসমত প্ৰচলিত বিভিন্ন লিখিত ভাষাত ছাত্ৰ-ছাত্ৰীসকলে লেখনী প্ৰেৰণ কৰিব পাৰিব। শিক্ষাৰ্থী সকলৰ লেখা-মেলাৰে সমৃদ্ধ হ’বলগীয়া এই ই-সংকলনে ছাত্ৰ-ছাত্ৰীসকলৰ সৃজনীমূলক প্ৰতিভা বিকাশ কৰাৰ লগতে অসমত প্ৰচলিত বিভিন্ন লিখিত ভাষাৰ প্ৰসাৰতো বিশেষ ভূমিকা গ্ৰহণ কৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বিভিন্ন বিষয়ৰ ওপৰত স্ব-ৰচিত গল্প, প্ৰৱন্ধ, পদ্য, কবিতা আদিৰে সমৃদ্ধ হ’বলগীয়া এই ই-সংকলনখন ডিজিটেল ৰূপত উপলব্ধ হ’ব।

লেখা প্ৰেৰণৰ অন্তিম তাৰিখ ৩১ অক্টোবৰ, ২০২০
লেখাসমূহ তলত মন্তব্য আকাৰে অথবা mygovassam@gmail ই-মেইলযোগে আমালৈ প্ৰেৰণ কৰাটো প্ৰয়োজনীয়।

নিয়মাৱলী
 প্ৰাথমিক শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে এই সংকলনৰ বাবে লেখা প্ৰেৰণ কৰিব পাৰিব।
 অসমত প্ৰচলিত বিভিন্ন লিখিত ভাষাত ছাত্ৰ-ছাত্ৰীসকলে লেখনী প্ৰেৰণ কৰিব পাৰিব।
 লেখাৰ লগত কোনটো ভাষাত লেখনী প্ৰেৰণ কৰা হৈছে উল্লেখ কৰাটো বাঞ্চনীয়।
 লেখাৰ লগত সম্পূৰ্ণ নাম ঠিকনা, বিদ্যালয়ৰ নাম, যোগাযোগ নম্বৰ উল্লেখ কৰাটো বাধ্যতামূলক।
 হাতে লিখা কপিৰ স্কেন ফটো অথবা কম্পিউটাৰত মুদ্ৰিত লেখা আমালৈ প্ৰেৰণ কৰিব পাৰিব।
 লেখাসমূহ নতুন হোৱাটো বাঞ্চনীয় আৰু পূৰ্বতে কোনো ছপা অথবা ডিজিটেল মাধ্যমত প্ৰকাশ হোৱা লেখা গ্ৰহণযোগ্য নহ’ব।
 লেখাসমূহৰ নিজৰ যিকোনো ভাল লগা বিষয়বস্তুৰ ওপৰত হ’ব পাৰে।
 লেখাসমূহ চুটি হোৱাটো বাঞ্চনীয়। কম পৰিসৰত মূল বিষয়বস্তু সাঙুৰি লোৱা লেখাসমূহক প্ৰাধান্য দিয়া হ’ব।
 লেখাসমূহ শিক্ষাৰ্থীসকলৰ দ্বাৰা স্ব –ৰচিত হোৱাটো বাধ্যতামূলক। কোনো কাৰণতে অইনৰ অথবা অভিভাৱকে শিক্ষাৰ্থীৰ বাবে লিখি দিয়া লেখা প্ৰকাশ কৰা নহ’ব।
 নিৰ্বাচিত লেখাহে এই সংকলনত প্ৰকাশ কৰা হ’ব। এই ক্ষেত্ৰত মাই গভ অসমৰ সিদ্ধান্তই শেষ সিদ্ধান্ত হিচাবে পৰিগণিত হ’ব।
 লেখাসমূহ এই শিতানৰ তলত থকা মন্তব্য আকাৰে অথবা ই-মেইলযোগে আমালৈ প্ৰেৰণ কৰিব পাৰিব।

সকলো মন্তব্য
মুঠ অৱদান ( 16) অনুমোদিত অৱদানসমূহ (10) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (6) জমা বন্ধ
Reset
1 তথ্য পোৱা গ’ল