You don't have javascript enabled. Please Enabled javascript for better performance.

বন্যপ্ৰাণী সপ্তাহ উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা

Start Date: 01-10-2020
End Date: 14-10-2020

চিক'নিডি (Ciconiidae) পৰিয়ালৰ অন্তৰ্ভুক্ত ষ্টৰ্ক(Stork) জাতীয় এবিধ ডাঙৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

চিক'নিডি (Ciconiidae) পৰিয়ালৰ অন্তৰ্ভুক্ত ষ্টৰ্ক(Stork) জাতীয় এবিধ ডাঙৰ আকৃতিৰ চৰাই হাড়গিলা । এই চৰাইৰ ঠোঁট দীঘল, ডিঙিত এটা টোঁটোলা থাকে । ইয়াৰ দেহৰ তলৰ অংশ বগা বৰণৰ আৰু মতা আৰু মাইকী চৰাইৰ মাজত বিশেষ পাৰ্থক্য পৰিলক্ষিত নহয় । ইয়াৰ বৈজ্ঞানিক নাম: Leptoptilos dubius । হাড়গিলাৰ লগত প্ৰায়েই সাদৃশ্য থকা আন এবিধ চৰাই হ’ল বৰটোকোলা । কিন্তু ইহঁতৰ ডিঙিত টোঁটোলা নাথাকে । জনসংখ্যা বৃদ্ধি, বাসস্থানৰ অভাৱ, জলবায়ু পৰিৱৰ্তন, সজাগতাৰ অভাৱ ইত্যাদি বিভিন্ন কাৰণত বৰ্তমান হাড়গিলা চৰাইৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাই আহিছে । বৰ্তমান ই এক বিপদাপন্ন প্ৰজাতি ।

বন্যপ্ৰাণী সপ্তাহ ২০২০ উপলক্ষে হাড়গিলা চৰাইৰ সংৰক্ষণ সন্দৰ্ভত অসম চৰকাৰৰ বন বিভাগৰ সহযোগত জনতাৰ চৰকাৰ মাই গভ অসমে সদৌ অসম ভিত্তিত এক চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে ।

প্ৰতিযোগীসকলে সুন্দৰকৈ আঁকি ছবিখন মাই গভ অসমলৈ প্ৰেৰণ কৰিব লাগিব । এই ক্ষেত্ৰত অভিভাৱকসকলে নিজৰ সন্তানক উপযুক্ত উপদেশ তথা সহযোগিতা আগবঢ়াব পাৰে।

বিষয়বস্তু – হাড়গিলা চৰাইৰ সংৰক্ষণ
অন্তিম তাৰিখ – ৭ অক্টোবৰ, ২০২০

দুটা শাখাত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে
‘ক’ শাখা: পঞ্চম – অষ্টম শ্ৰেণী
‘খ’ শাখা: নৱম – দ্বাদশ শ্ৰেণী

পুৰস্কাৰ:
প্ৰথম পুৰস্কাৰ: ৫,০০০ ট্কা
দ্বিতীয় পুৰস্কাৰ: ৩,০০০ ট্কা
তৃতীয় পুৰস্কাৰ: ২,০০০ টকা

লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ স্বাক্ষৰ সম্বলিত একোখন প্ৰশংসা পত্ৰ আগবঢ়োৱা হ’ব।

নিয়ম আৰু চৰ্তাৱলী:
• প্ৰতিযোগীয়ে অংকন কৰা চিত্ৰ স্কেন (Scanned Copy ) কৰি প্ৰেৰণ কৰাটো প্ৰয়োজনীয়।
• চিত্ৰসমূহ assam.mygov.in ৰ কাৰ্য শিতানৰ মন্তব্য শাখাৰ যোগেদি প্ৰেৰণ কৰিব লাগিব।
• স্কেন কপি ১০ এম.বি.তকৈ সৰু হোৱাটো বাঞ্চনীয়
• প্ৰতিযোগীসকলে চিত্ৰ অংকন কৰোতে ৱাটাৰ কালাৰ, পোষ্টাৰ কালাৰ, ক্ৰেয়ন, পেঞ্চিল ইত্যাদি ব্যৱহাৰ কৰিব পাৰিব
• প্ৰতিযোগীসকলে নিজৰ শ্ৰেণী,বয়স আৰু ফোন নম্বৰ উল্লেখ কৰাটো বাধ্যতামূলক
• এগৰাকী প্ৰতিযোগীৰ পৰা এখন চিত্ৰহে গ্ৰহণ কৰা হ’ব
• বিজয়ী নিৰ্বাচনৰ ক্ষেত্ৰত নিৰ্বাচনী কমিটীৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাবে বিবেচিত হ’ব।

সকলো মন্তব্য
মুঠ অৱদান ( 374) অনুমোদিত অৱদানসমূহ (374) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (0) জমা বন্ধ
Reset
1 তথ্য পোৱা গ’ল