You don't have javascript enabled. Please Enabled javascript for better performance.

The Inspiring Teacher

Start Date: 01-09-2020
End Date: 10-09-2020

শিক্ষকসকল হ’ল সমাজৰ মেৰুদণ্ডস্বৰূপ। শৈশৱৰ পৰাই আমাৰ জীৱনৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

শিক্ষকসকল হ’ল সমাজৰ মেৰুদণ্ডস্বৰূপ। শৈশৱৰ পৰাই আমাৰ জীৱনৰ মূল্যৱান সময়খিনি শিক্ষকৰ সৈতেই অতিবাহিত হয়। সেয়েহে উপযুক্ত শিক্ষাদানেৰে আমাৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত শিক্ষকসকলৰ অৱদান অতুলনীয়।

বিদ্যালয় পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ আমি বিভিন্নজন শিক্ষকৰ পৰা শিক্ষা গ্ৰহণ কৰিছোঁ। তেখেতসকলৰ মাজৰেই দুই-এগৰাকী শিক্ষকৰ প্ৰচেষ্টাই আমাৰ মনত বাৰুকৈয়ে সাঁচ বহুৱাই গৈছে। কাৰণ এনে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ শিক্ষাদানৰ আকৰ্ষণীয় কৌশলে আমাক বাৰুকৈয়ে উদ্বুদ্ধ কৰে। তেওঁলোকে আমি ভালদৰে বুজি নোপোৱা কঠিন বিষয় এটাৰ প্ৰতি মনোযোগ বৃদ্ধি কৰোৱাত যথেষ্ট সহায় কৰে। এই ক্ষেত্ৰত আমাৰ সকলোৰে জীৱনত শ্ৰেণী শিক্ষকসকলৰ অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ। তেওঁলোকৰ অশেষ প্ৰচেষ্টাতেই পঢ়ি ভাল নলগা বিষয় এটাও আমাৰ বাবে প্ৰিয় হৈ পৰে।

আগন্তুক ৫ ছেপ্তেম্বৰ, শিক্ষক দিৱস উপলক্ষে আহক আমাৰ জীৱনক প্ৰভাৱাম্বিত কৰা আমাৰ শিক্ষাগুৰুসকলক বিশেষ সন্মান প্ৰদৰ্শন কৰোঁ। আপোনাৰ ক্ষেত্ৰতো যদি কোনো শিক্ষাগুৰুৰ সান্নিধ্যই এক নিৰ্দিষ্ট শৈ‌‍ক্ষিক বিষয়ৰ প্ৰতি মনোযোগ বৃদ্ধি কৰাত বিশেষভাৱে সহায় কৰাৰ উদাহৰণ আছে, তেন্তে সেই অভিজ্ঞতাৰ বিষয়ে সবিশেষ লিখি আমালৈ প্ৰেৰণ কৰক।


লেখা প্ৰেৰণৰ অন্তিম তাৰিখ: ৫ ছেপ্তেম্বৰ, ২০২০ চন

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল