You don't have javascript enabled. Please Enabled javascript for better performance.

Mikas Musahary | Earning Fortunes With Banana

Start Date: 18-07-2020
End Date: 18-07-2023
বৰ্তমান সমগ্ৰ বিশ্বতে ক’ভিড ১৯য়ে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। স্থবিৰ হৈ পৰিছে প্ৰায় সকলোৰে জীৱন ধাৰণ প্ৰণালী, লগতে অৰ্থব্যৱস্থা। কিন্তু ইয়াৰ মাজতে কিছুমান আশাব্যঞ্জক খবৰে অনুপ্ৰেৰণা যোগায়। নিৰাশাৰ কলীয়া ডাৱৰৰ মাজতে ফুটি উঠে আশাৰ ৰেঙণি। মিকাছ মোচাহাৰী। কোকৰাঝাৰ জিলাৰ গোঁসাইগাৱৰ বাজুগাঁৱৰ বাসিন্দা। এইগৰাকী যুৱকে কঠোৰ পৰিশ্ৰম, কষ্ট আৰু অধ্যৱসায়ৰ বলত কলখেতিৰে স্বাৱলম্বিতাৰ এক নতুন পথ মুকলি কৰিছে। বৰ্তমানৰ জটিল পৰিস্থিতিত কলখেতিত বিশেষ গুৰুত্ব দি আৰ্থিকভাৱে যথেষ্ট লাভৱান হোৱা মিকাছ বৰ্তমান সকলোৰে বাবে এক প্ৰেৰণাৰ উৎসস্বৰূপ হৈ পৰিছে। আৰ্থিক অনাটনৰ বাবে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ অপৰাগ হোৱা যুৱকজনে ২০১০ চনতে তিনি বিঘা মাটিত কলৰ খেতি আৰম্ভ কৰিছিল। পাছলৈ এই খেতিৰে স্বাৱলম্বী হৈ পৰা মিকাছ মোচাহাৰীয়ে বৰ্তমান প্ৰায় তিনিশ বিঘা মাটিত কলৰ খেতি কৰি আছে। লকডাউনৰ সময়ত কলৰ প্ৰচুৰ চাহিদা বঢ়াৰ বাবে একাগ্ৰতাৰে কৰি থকা খেতিয়ে তেওঁক প্ৰচুৰভাৱে লাভৱান হোৱাত সহায় কৰে। এইগৰাকী যুৱকৰ কলখেতিৰ চাহিদা কেৱল অসমতে সীমাৱদ্ধ হৈ থকা নাই। অসমৰ গুৱাহাটী, গোৱালপাৰা, ধুবুৰী আদি বিভিন্ন ঠাইকে ধৰি চুবুৰীয়া পশ্চিমবংগৰ বিভিন্ন ঠাইতো এই কলে বজাৰ দখল কৰি আছে। বৰ্তমানৰ জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কৃষিয়ে যে অৰ্থনীতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পাৰে তাৰ এক জলন্ত উদাহৰণ হৈছে মিকাছ মোচাহাৰী। নিজৰ ধৈৰ্য আৰু একাগ্ৰতাই তেওঁক আৰ্থিকভাৱে সবল কৰাত যথেষ্ট অৰিহণা যোগাইছে। কেৱল নিজেই স্বাৱলম্বী হোৱাই নহয় তেওঁৰ বন্ধু বীৰেণ মোচাহাৰীৰ সৈতে লগলাগি এতিয়া আন দহজনকো তেওঁ কৰ্মসংস্থাপন দিব পাৰিছে। ই নিঃসন্দেহে সকলোৰে বাবে এক আশাব্যঞ্জক খবৰ। মিকাছ মোচাহাৰীৰ এই সফলতা যুৱ প্ৰজন্মৰ বাবে এক আদৰ্শ হৈ ৰওক।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল
692140

JAYANTA TOPADAR 3 বছৰ 7 হিচাপপূৰ্বে

धन्य किसान...! धन्य मिकास मुशाहारी जी, आप ने केले की खेती मन लगाकर करने की वजह से अपनी आर्थिक व सामाजिक जीवन में एक सफल व्यक्तित्व हैं!!!