You don't have javascript enabled. Please Enabled javascript for better performance.

সামাজিক দূৰত্ব আৰু আমাৰ দায়ৱদ্ধতা সন্দৰ্ভত আপোনাৰ মতামত

Start Date: 02-04-2020
End Date: 31-08-2020

বৰ্তমান সময়ত ভাৰতবৰ্ষৰ লগতে বিশ্বৰ কেইবাখনো আগশাৰীৰ দেশত সংহাৰী ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

বৰ্তমান সময়ত ভাৰতবৰ্ষৰ লগতে বিশ্বৰ কেইবাখনো আগশাৰীৰ দেশত সংহাৰী ৰূপ ধাৰণ কৰিছে মাৰাত্মক ক’ভিড-১৯ ৰ সংক্ৰমণে। এনে প্ৰতিকূল সময়ছোৱাত আমাৰ সকলোৰে সামাজিক দায়ৱদ্ধতা হ’ল সামাজিক দূৰত্ব বজাই ৰখা ।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা সকলো নাগৰিককে জনোৱা হৈছে ৰাজহুৱা স্থানত ইজনে সিজনৰ পৰা ১ মিটাৰ দূৰত্ব বজাই ৰখাৰ কঠোৰ আহ্বান। এই আহ্বান অনুসৰি ক’ভিড-১৯ ৰ সংক্ৰমণৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ দেশৰ নাগৰিকসকলেও লকডাউনৰ সময়ছোৱাত জৰুৰী অৱস্থাত ঘৰৰ পৰা বাহিৰলৈ ওলাওতে সামাজিত দূৰত্ব মানি চলা পৰিলক্ষিত হৈছে। অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ যোৱাৰ সময়তো এনে সচেতনতা অৱলম্বন কৰি ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিছে সচেতন নাগৰিকসকলে।

উল্লেখযোগ্য যে, সামাজিক দূৰত্ব বজাই ৰখাৰ এই দায়িত্ব আৰু অধিক ফলপ্ৰসূভাৱে পালন কৰাৰ থল আছে। এগৰাকী সচেতন নাগৰিক হিচাবে বৰ্তমান সময়ত সামাজিক ব্যৱধান বৰ্তাই চলা বিষয়টো জনসাধাৰণৰ মাজত অধিক ফলপ্ৰসূৰূপে কেনেদৰে আগবঢ়াই নিব পাৰি সেই সন্দৰ্ভত আপোনাৰ পৰামৰ্শ তথা মতামত আগবঢ়াওক।

তলত মন্তব্য আকাৰেৰে আপোনাৰ মূল্যৱান মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰে।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
507030

DrBenoyKumarChattapadhyaya 3 বছৰ 8 হিচাপপূৰ্বে

Whenever we are going out in market or in where ever gathering is there we should maintain Social Distancing. If people are not maintaining Social Distancing they should be fined. Government should issued circulars regerding maintain Social Distancing other wise have to pay fine.In shopping complex they should marking the distances. We have to take Pledge regerding maintain Social Distancing. Then people can save from the COVID19 viruses.