You don't have javascript enabled. Please Enabled javascript for better performance.

ক’ভিড-১৯ ৰ সজাগতা সন্দৰ্ভত পোষ্টাৰ আৰু শ্ল’গান লিখা প্ৰতিযোগিতা

Start Date: 20-07-2020
End Date: 10-08-2020

সমগ্ৰ বিশ্বৰ লগতে আমাৰ ৰাজ্যতো ক’ভিড-১৯ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

সমগ্ৰ বিশ্বৰ লগতে আমাৰ ৰাজ্যতো ক’ভিড-১৯ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি জটিল হৈছে। বৃদ্ধি পাবলৈ লৈছে ক’ভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা। এনে পৰিস্থিতিত প্ৰতিটো ক্ষেত্ৰতে সাৱধানতা অৱলম্বন কৰাটো আমাৰ সকলোৰে বাবে মংগলজনক। সঘনাই হাত ধোৱা, সামাজিক দূৰত্ব বজাই ৰখা আৰু মাস্ক পৰিধান কৰাটো বৰ্তমান প্ৰতিজন ব্যক্তিৰ ক্ষেত্ৰতে বাধ্যতামূলক। কিন্তু ইয়াৰ মাজতে আমাৰ সমাজৰ একাংশ লোকে এতিয়াও সজাগতা অৱলম্বনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰা পৰিলক্ষিত হয়।

সেয়েহে এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি জনতাৰ চৰকাৰ মাই গভ অসমে আয়োজন কৰিছে ক’ভিড-১৯ৰ সজাগতা সন্দৰ্ভত এক পোষ্টাৰ আৰু শ্ল’গান লিখা প্ৰতিযোগিতা। প্ৰতিযোগীসকলে এখন পোষ্টাৰ ডিজাইন কৰি সেই ডিজাইনত ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বনৰ গুৰুত্বৰ দিশটো প্ৰতিফলিত কৰি এক শ্ল’গান লিখি আমালৈ প্ৰেৰণ কৰিব লাগিব ।

বিষয়বস্তু: ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত সজাগতা অৱলম্বনৰ গুৰুত্ব

অন্তিম তাৰিখ: ৩১ জুলাই, ২০২০
যোগ্যতা:
‘ক’ শাখা: অষ্টম – দ্বাদশ শ্ৰেণী
‘খ’ শাখা: স্নাতক পৰ্যায়ৰ পৰা সকলোৰে বাবে মুকলি
মাধ্যম: Digital অথবা Traditional
পুৰস্কাৰ:
শ্ৰেষ্ঠ হিচাবে নিৰ্বাচিত তিনিগৰাকী প্ৰতিযোগীক প্ৰশংসা পত্ৰ প্ৰদান কৰা হ’ব । তেওঁলোকৰ পোষ্টাৰ MyGov Assam ৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ জৰিয়তে প্ৰকাশ কৰা হ’ব ।

নিয়মাৱলীসমূহ:
১. পোষ্টাৰ ১২X১৮ ইঞ্চি জোখৰ পৰ্ট্ৰেইট অথবা লেণ্ডস্কেপ আকৃতিৰ হ’ব লাগিব।
২. শ্ল’গান নিৰ্দিষ্ট বিষয়বস্তুটোৰ ভিত্তিত লিখিব লাগিব ৷
৩. শ্ল’গান আকৰ্ষণীয় হোৱাৰ লগতে ১০ টা শব্দৰ ভিতৰত লিখিব লাগিব ৷
৪. PDF অথবা JPEG ফৰ্মেটত দাখিল কৰিব লাগিব। ফাইলৰ আকাৰ 10MB ত কৈ অধিক হ’ব নোৱাৰিব ৷
৫. দাখিল কৰা পোষ্টাৰ মৌলিক তথা সম্পূৰ্ণ নিজা হ’ব লাগিব।
৬. যোগদানকাৰী ব্যক্তি গৰাকীয়ে নিজেই সজা পোষ্টাৰ দাখিল কৰাটো বাঞ্চনীয়। এগৰাকী ব্যক্তিয়ে এখন পোষ্টাৰহে প্ৰেৰণ কৰিব পাৰিব।
৭. প্ৰতিযোগীসকলে পোষ্টাৰৰ সৈতে তেওঁলোকৰ ফটো JPEG ফৰ্মেটত দাখিল কৰিব লাগিব ৷
৮. পোষ্টাৰত কোনোধৰণৰ ৱাটাৰমাৰ্ক থাকিব নোৱাৰিব।
৯. পোষ্টাৰ ডিজিটেল আৰু ট্ৰেডিছ’নেল দুয়োটা ফৰ্মেটতে ডিজাইন কৰিব পাৰিব ৷
১০. পোষ্টাৰৰ লিখনি তথা শ্ল’গান অসমীয়া অথবা ইংৰাজী ভাষাত হোৱাটো প্ৰয়োজনীয় ৷

সকলো মন্তব্য
মুঠ অৱদান ( 37) অনুমোদিত অৱদানসমূহ (26) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (11) জমা বন্ধ
Reset
1 তথ্য পোৱা গ’ল