You don't have javascript enabled. Please Enabled javascript for better performance.

স্বচ্ছতা আৰু সেউজীকৰণৰ দিশত উজলিছে শিৱসাগৰ জিলাৰ দুখন গাঁও

Start Date: 09-10-2019
End Date: 31-10-2020
মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ স্বচ্ছ ভাৰত অভিযানে ইতিমধ্যে উদ্বুদ্ধ কৰিছে সকলোকে। তাৰ সমান্তৰালকৈ অসমতো মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আৰু জনতাৰ চৰকাৰ মাই গভ অসমৰ উদ্যোগত ৰাজ্যজুৰি চলা স্বচ্ছ আৰু সেউজ গাঁও অভিযানে পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে। ২০১৮ চনত জনতাৰ চৰকাৰ মাই গভ অসমৰ দ্বাৰা স্বচ্ছ আৰু সেউজ গাঁও হিচাবে স্বীকৃতি লাভ কৰা শিৱসাগৰ জিলাৰ দুখন গাঁও আছিল দেৱালয় গায়ন গাঁও আৰু জয়ৰা পাৰ গাঁও। এই দুখন গাঁৱৰ স্বচ্ছতা আৰু সেউজীকৰণ অক্ষুন্ন ৰখাৰ স্বাৰ্থত বৰ্তমানেও গাঁওবাসীয়ে বিভিন্ন কল্যাণকামী কাৰ্যসূচী হাতত লৈ আছে। চাফ-চিকুণতা আৰু পৰিৱেশ ৰক্ষা এক নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া - এই মূলমন্ত্ৰকে সাৰোগত কৰি গাঁওবাসীয়ে নিজে নিজে এলেকাত প্লাষ্টিক বৰ্জন, ধপাতমুক্ত অঞ্চল, গছপুলি ৰোপণ, গাঁৱৰ সৌন্দৰ্যকৰণ আদি বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল
692140

JAYANTA TOPADAR 3 বছৰ 11 হিচাপপূৰ্বে

सत्य है :"स्वच्छता ही सेवा है।" हमें इसी तरह असम के हरेक गाँव को हरा-भरा एवं स्वच्छ रखना है एवं भारत के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के "स्वच्छ भारत अभियान" को पूर्ण रूप से सार्थक एवं सफल करना है! हमारा राज्य एवं देश अतुलनीय है! धन्य हो!