You don't have javascript enabled. Please Enabled javascript for better performance.

Prospering through Poultry with BKS

Start Date: 25-04-2020
End Date: 30-04-2023
গ্ৰাম্য অৰ্থনীতিৰ উত্তৰণৰ ক্ষেত্ৰত পশুপালনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি দৰং, নগাঁও, ধেমাজিকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাৰ আৰ্থিকভাৱে অনগ্ৰসৰ অঞ্চলৰ অৰ্থনৈতিক বুনিয়াদ সুদৃঢ় কৰাৰ মানসেৰে শেহতীয়াকৈ অসম চৰকাৰ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত ভাৰতীয় কিষাণ সংঘই এলানি কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰিছে। দৰং জিলাৰ পূৱ নগাঁৱৰ মহিলা সকললৈ সংঘই আগবঢ়াইছে কুকুৰা পালনেৰে স্বাৱলম্বনৰ দিহা। শেহতীয়াকৈ গাঁওখনৰ বহু সংখ্যক পৰিয়ালক বিনামূলীয়াকৈ উন্নত জাতৰ কুকুৰা পোৱালি যোগান ধৰাৰ লগতে ইয়াৰ প্ৰতিপালনৰ ক্ষেত্ৰত উপযুক্ত প্ৰশিক্ষণ আগবঢ়োৱা হৈছে। গাঁওখনৰ মহিলাসকলে অতি নিষ্ঠাৰে কুকুৰা পালনত আত্মনিয়োগ কৰি জীৱিকা অৰ্জনৰ বাট মোকলাই ল‘বলৈ সক্ষম হৈছে। তেওঁলোকৰ এই প্ৰচেষ্টা গ্ৰামাঞ্চলৰ সকলো মহিলাৰ বাবে আদৰ্শ হৈ ৰৈছে। আহক এটি ভিডিঅ’ৰ জৰিয়তে তেওঁলোকৰ কুকুৰা পালনৰ বিষয়ে কিছু কথা জানো।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল