You don't have javascript enabled. Please Enabled javascript for better performance.

আমাৰ সজাগতাই ক'ভিড-১৯ সংক্ৰমণ ৰোধৰ মূল চাবিকাঠি

Start Date: 28-03-2020
End Date: 30-03-2023
বিশ্বৰ অন্যান্য দেশৰ লগতে আমাৰ দেশতো লকডাউনৰ জৰিয়তে কঠোৰভাৱে ক'ভিড-১৯ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা হৈছে ৷ অসমতো ৰাজ্য চৰকাৰে ব্যাপক ৰূপত সতৰ্কতা অৱলম্বনেৰে এই কৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত প্ৰচেষ্টা গ্ৰহণ কৰিছে ৷ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগতে স্বাস্থ্য সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰী কৰি সকলোকে সুৰক্ষিত কৰি ৰখাৰ হকে অহৰহ প্ৰয়াস অব্যাহত ৰাখিছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ৷ ক'ভিড-১৯ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে জাৰী কৰা স্বাস্থ্য সম্পৰ্কীয় নিৰ্দেশনাৱলীসমূহ মানি চলি সতৰ্কতা অৱলম্বন কৰাটো এক অতি গুৰুত্বপূৰ্ণ দিশ ৷ এই সকলোবোৰ দিশ সাঙুৰি জনতাৰ চৰকাৰ মাই গভ্ অসমে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত প্ৰস্তুত কৰি উলিয়াইছে এক সজাগতামূলক ভিডিঅ'৷ আহক এই ভিডিঅ'ৰ জৰিয়তে স্বাস্থ্য সুৰক্ষা সম্পৰ্কীয় সজাগতাসমূহৰ বিষয়ে কিছু কথা জানো ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল
679940

JAYANTA TOPADAR 3 বছৰ 10 হিচাপপূৰ্বে

Indeed MyGov Assam has done it well! The underlying message through a specially picturised, musically tuned, meaningfully composed, lyrically prepared with an impressive story-through-a melodious song! What a magical innovation, courtsey Govt. of Assam. A great venture of Information and Technology!
This way, of course,we,the listeners will learn the basic rules and regulations regarding our combined fight against the pandemic Covid-19(Novel Corona Virus),through social distancing.