You don't have javascript enabled. Please Enabled javascript for better performance.

জৈৱিক পদ্ধতিৰে কৃষিকৰ্মত ব্ৰতী মাজুলীৰ কৃষক

Start Date: 02-05-2020
End Date: 31-05-2023
জৈৱিক কৃষি পদ্ধতি হৈছে পৰিৱেশ-তন্ত্ৰৰ অনুকূল এক কৃষি পদ্ধতি। এই পদ্ধতিৰে উৎপাদিত ফচলৰ বজাৰত বিশেষ চাহিদা আছে । সেয়েহে এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি জৈৱিক পদ্ধতিৰে কৃষিকৰ্মত মনোনিৱেশ কৰিছে মাজুলীৰ একাংশ কৃষকে । কৃষকৰ কল্যাণৰ অৰ্থে শেহতীয়াকৈ ভাৰতীয় কিষাণ সংঘই ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোগান ধৰি আহিছে উন্নত মানৰ বীজ। সংঘই যোগান ধৰা বীজেৰে মাজুলীৰ ভকত চাপৰিত একাংশ কৃষকে ২০১৭ চনৰ পৰাই সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে বহু বিঘা ভূমিত সৰিয়হ, মটৰ মাহ, ভেণ্ডি, কবি আদিৰ খেতিত আত্মনিয়োগ কৰি আহিছে । পুৰুষসকলৰ সমান্তৰালভাৱে মহিলা কৃষকসকলেও সমানেই কষ্ট কৰি কৃষিকৰ্মৰ দ্বাৰা জীৱিকাৰ বাট মোকলাই ল’বলৈ সক্ষম হৈছে। মাজুলীৰ এইসকল কৃষকৰ পৰিশ্ৰম তথা প্ৰয়াসে বিভিন্নজনক আদৰ্শৰ বাট দেখুৱাইছে।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল
150230

Jyotiska boruah 3 বছৰ 11 হিচাপপূৰ্বে

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ নামৰূপ মিলনপুৰ গাঁওৰ নিৱাসী শ্ৰীযুত লোহিত চন্দ্ৰ গগৈদেৱে পৃথিৱী এগ্ৰ টি এণ্ড ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী( গোটৰ )সদস্য হিচাপে জৈৱিক পদ্ধতিৰে চাহ খেতি কৰি অৰ্গেনিক গ্ৰীণ টি,গল্ড টি,হোৱাইট টি হস্তনিৰ্মিত পদ্ধতিৰে অৰ্থ উপাৰ্জন কৰাৰ উপৰিও স্বাৱলম্বীতাৰ খোজত আগবাঢ়িছে ৷ লগতে জৈৱিক পদ্ধতিৰে শাক পাছলিৰো খেতি আৰম্ভ কৰিছে ৷