You don't have javascript enabled. Please Enabled javascript for better performance.

Indukalpa Bharali: The Man Behind Wonder Food ‘Bhim Vita’

Start Date: 29-02-2020
End Date: 31-12-2023
প্ৰচুৰ প্ৰাকৃতিক উপাদানেৰে সমৃদ্ধ নদীদ্বীপ মাজুলী। বাৰিষা ব্ৰহ্মপুত্ৰৰ বানে পলস পেলাই যোৱা ঠাইখন খেতি-বাতিৰ বাবে অতি উপযুক্ত হৈ পৰে। মূলতঃ এক কৃষিকেন্দ্ৰিক ঠাই হিচাবে জনাজাত মাজুলীত বৰ্তমান কিছু ব্যতিক্ৰম তথা উদ্ভাৱনীমূলক চিন্তা-ধাৰাৰে স্বাৱলম্বিতাৰ এক উচ্চ শিখৰলৈ আগুৱাই যাবলৈ সক্ষম হৈছে এগৰাকী উদ্যমী যুৱক। চাকৰিমুখী নহৈ নিজা উদ্যম, সাহস আৰু একাগ্ৰতাৰে মাজুলীৰ এইগৰাকী উদ্যমী যুৱকে থলুৱাভাৱে উৎপাদিত ভীম কল, সৰিয়হ ইত্যাদিৰ লগতে থলুৱাভাৱে প্ৰস্তুত কৰা পিঠাগুৰিকে ধৰি বিভিন্ন উপাদান ব্যৱহাৰ কৰি সম্পূৰ্ণ বৈজ্ঞানিকভাৱে দুবিধ খাদ্য সামগ্ৰী প্ৰস্তুত কৰি উলিয়াইছে । এটি ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠাৰে বৰ্তমান মাজুলীবাসীৰ বাবে পৰিচিত হৈ পৰা এইগৰাকী উদ্যমী যুৱকৰ নাম ইন্দুকল্প ভৰালী। প্ৰথম প্ৰচেষ্টাত তেখেতে প্ৰস্তুত কৰি উলিওৱা ভীম ভিটা নামৰ খাদ্য সামগ্ৰীবিধে আজিৰ তাৰিখত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যতো যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। পৰৱৰ্তী পৰ্যায়ত ব্যৱসায় সম্প্ৰসাৰণ কৰি মাজুলীত উৎপাদিত সৰিয়হৰ পৰা লুইত মাজুলী নামেৰে এবিধ তেল প্ৰস্তুত কৰাৰ লগতে শেহতীয়াকৈ এটি আৱাস গৃহ প্ৰতিষ্ঠা কৰি তেখেতে স্বাৱলম্বনৰ এক অনন্য নিৰ্দশন দাঙি ধৰিবলৈ সক্ষম হৈছে । যুৱপ্ৰজন্মক আদৰ্শৰ বাট দেখুওৱাই আহিছে উদ্যমী যুৱক ইন্দুকল্প ভৰালীয়ে।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল