You don't have javascript enabled. Please Enabled javascript for better performance.

স্বচ্ছতাৰে জিলিকি উঠা আপোনাৰ পৰিচিত অঞ্চল অথবা গাঁওখন

Start Date: 20-03-2020
End Date: 30-04-2020

চাফ-চিকুণতা তথা পৰিষ্কাৰ-পৰিচ্ছন্নতাই হৈছে সুস্থ আৰু সবল ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

চাফ-চিকুণতা তথা পৰিষ্কাৰ-পৰিচ্ছন্নতাই হৈছে সুস্থ আৰু সবল স্বাস্থ্যৰ আধাৰ। নিজৰ ঘৰখনৰ লগতে আমাৰ চৌপাশটো চাফ-চিকুণ কৰি ৰাখিলে এক সুস্থ আৰু নিৰাপদ জীৱনশৈলী গঢ়ি তুলিব পৰা যায়।

সাম্প্ৰতিক সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত আমাৰ সমাজৰ একাংশ লোক যথেষ্ট সচেতন হ’বলৈ লৈছে। সামূহিক প্ৰচেষ্টাত জাবৰ-জোঁথৰৰ সঠিক নিষ্কাশন, গছপুলি ৰোপণ, প্লাষ্টিক বৰ্জন, ঠায়ে ঠায়ে ডাষ্টবিন স্থাপনকে ধৰি বিভিন্ন প্ৰয়াসেৰে নিজৰ অঞ্চল অথবা গাঁওখন সম্পূৰ্ণ স্বচ্ছ কৰি ৰখাৰ ক্ষেত্ৰত আগভাগ ল’বলৈ লৈছে। উল্লেখযোগ্য যে, এই দিশত গোৱালপাৰা জিলাৰ ৰাংচাপাৰা, বৰপেটা জিলাৰ বেলনা গাওঁ, শিৱসাগৰৰ দেৱালয় গায়ন গাঁও, কাৰ্বি আংলঙৰ বৰমাৰ্জং গাঁৱৰ ৰাইজে অনন্য নিদৰ্শন দাঙি ধৰি আহিছে। উক্ত গাওঁ কেইখনৰ ৰাইজে সমূহীয়া প্ৰচেষ্টাত নিজৰ গাওঁখন স্বচ্ছ ৰাজ্যৰূপে জিলিকাই তুলিবলৈ সক্ষম হৈছে।

পৰিষ্কাৰ-পৰিচ্ছন্নতাই সুস্বাস্থ্যৰ মূলমন্ত্ৰ- এই আপ্তবাক্যশাৰী সাৰোগত কৰি জনতাৰ চৰকাৰ মাই গভ অসমে গ্ৰহণ কৰিছে এক বিশেষ প্ৰচেষ্টা। ওপৰত উল্লিখিত গাঁও কেইখনৰ দৰে নিজৰ অঞ্চল অথবা গাঁওখন চাফ-চিকুণতাৰে সৰ্বাংগসুন্দৰ ৰূপত উজ্জ্বলাই তোলাৰ ক্ষেত্ৰত উল্লেখযোগ্য প্ৰচেষ্টা গ্ৰহণ কৰি অহা আপোনাৰ পৰিচিত যিকোনো গাঁও অথবা অঞ্চলৰ বিষয়ে সবিশেষ লিখি আমালৈ প্ৰেৰণ কৰক।

উল্লেখ কৰিবলগীয়াসমূহ –

    গাঁও অথবা নিৰ্দিষ্ট অঞ্চলটোৰ নাম আৰু জিলাৰ নাম
    গাঁও অথবা নিৰ্দিষ্ট অঞ্চলটোৰ ফটো আৰু ভিডিঅ’
    সাক্ষাৎকাৰ
    প্ৰচেষ্টাৰ সবিশেষ
    জড়িত থকা মুঠ ব্যক্তি তথা পৰিয়াল
    যিকোনো স্বীকৃতি
    শিশুসকলৰ ক্ষেত্ৰত সচেতনতা
    চৰকাৰী সহযোগিতা

এই বিষয়ে তলত মন্তব্য আকাৰেৰে সবিশেষ লিখি আমালৈ প্ৰেৰণ কৰিব পাৰে।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
570

Arif khan 3 বছৰ 12 হিচাপপূৰ্বে

ছাৰ অনুগ্ৰহ কৰি আমৰ গাঁও ৰ দিন হাজিৰা কৰি খোৱা মানুহ বোৰক অলপ সহায় থাকিল। জিলা মৰিগাঁও গাঁও দলবাৰী ডাকঘৰ শলমাৰী পিন 782104 Contect 7002978450