You don't have javascript enabled. Please Enabled javascript for better performance.

আপোনাৰ প্ৰিয় ঠাই

Start Date: 30-01-2020
End Date: 28-02-2021

প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যৰ ভঁৰাল অসম। সেউজ অৰণ্য, পাহাৰ, নদ-নদী, আৰু ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যৰ ভঁৰাল অসম। সেউজ অৰণ্য, পাহাৰ, নদ-নদী, আৰু বিশাল মহাবাহু ব্ৰহ্মপুত্ৰই অসমৰ জেউতি দুগুণে চৰায়। প্ৰকৃতিয়েই নহয়, অসমৰ ঐতিহ্যময় কৃষ্টি, সংস্কৃতি আৰু বুৰঞ্জীয়ে অসমভূমিক দিয়ে অনন্য পৰিচয়। বহু হাজাৰ বছৰীয়া ইতিহাসৰ সাক্ষী অসমভূমি দেশৰ ভিতৰতে এক উল্লেখযোগ্য পৰ্যটনভূমি।

আপুনি নিশ্চয় অসমৰ বিভিন্ন পৰ্যটন স্থলী ভ্ৰমণ কৰিছে। এই ঠাইসমূহৰ ভিতৰত কোনখন ঠাই আপোনাৰ আটাইতকৈ প্ৰিয় আৰু কিয়? আপোনাৰ মতামত মন্তব্য আকাৰেৰে আমালৈ প্ৰেৰণ কৰিব পাৰে।

সকলো মন্তব্য
মুঠ অৱদান ( 58) অনুমোদিত অৱদানসমূহ (31) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (27) জমা বন্ধ
Reset
1 তথ্য পোৱা গ’ল
27760

Prithwiraj Purkayastha 4 বছৰ 1 monthপূৰ্বে

যোৰহাট জিলাৰ উত্তৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত নিমাতি-ককিলামুখ অঞ্চল বিশেষ ভাবে ইয়াৰ কেইবাটাও জলাশয়, শীতকালত ইয়ালৈ অহা বহু প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী, অৰণ্য মানৱ যাদৱ পায়েঙৰ বিশ্ববিখ্যাত মোলাই কাটনী, সুদৃশ্য বঙ্গীয় সাৰস্বত মঠ, নদীদ্বীপ মাজুলীলৈ পাৰাপাৰ কৰা নিমাতিৰ ঐতিহাসিক জাহাজঘাট আৰু অঞ্চলটোৰ সৰ্বশেষ সংযোজন বাঘমৰা চাপৰিৰ বাবে পৰ্যটক আৰু ভ্ৰমণ বিলাসী সকলৰ মাজত অত্যন্ত জনপ্ৰিয় ঠাই।