You don't have javascript enabled. Please Enabled javascript for better performance.

Digitial Education: How to make the best out of it

Start Date: 04-11-2019
End Date: 31-12-2019

স্বাধীন ভাৰতৰ প্ৰথম গৰাকী শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

স্বাধীন ভাৰতৰ প্ৰথম গৰাকী শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্মবাৰ্ষিকী উপলক্ষে দেশত প্ৰতি বছৰৰ নৱেম্বৰ মাহৰ ১১ তাৰিখে ৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰা হয়। ১৯৪৭ চনৰ পৰা ১৯৫৮ চনলৈ দেশৰ শিক্ষামন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ কৰা আাবুল কালাম আজাদে ভাৰতৰ শিক্ষা ব্যৱ্স্থাৰ ব্যাপক পৰিৱৰ্তেনেৰে দেশৰ প্ৰগতিত অৰিহণা যোগাইছিল। তেখেতে দেশত সকলোৰে বাবে প্ৰাথমিক শিক্ষা, কন্যাৰ বাবে বিনামূলীয়া শিক্ষা আৰু চৈধ্য বছৰৰ তলৰ শিশুৰ বাবে বাধ্যতামূলক শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তনত আগভাগ লৈছিল।

যোৱাটো দশকত দেশৰ শিক্ষা ব্যৱস্থাত ব্যাপক সংস্কাৰ সাধন কৰা হৈছে। ডিজিটেল মিডিয়াৰ ব্যাপক প্ৰসাৰৰ লগে লগে অধ্যয়ন আৰু গৱেষণাৰ সমলসমূহ অতি সহজে উপলব্ধ হৈ পৰিছে, যদিও কিছু ক্ষেত্ৰত ইয়াৰ ব্যাপক প্ৰসাৰে বিৰূপ প্ৰভাৱ নেপেলোৱাও নহয়। স্মাৰ্টফোন আাৰু ইন্টাৰনেটৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰশীলতা, ডিজিটেল সমলৰ চৌৰ্যবৃত্তি আদিয়ে ছাত্ৰ-ছাত্ৰী সকলৰ মানসিক উৎকৰ্ষ সাধনত বাধাৰ প্ৰাচীৰ হিচাবে থিয় দিছে। ইয়াৰ ফলত শিক্ষাত ডিজিটেল মিডিয়াৰ গ্ৰহণযোগ্যতাৰ ক্ষেত্ৰত এক ভাৰসাম্যতাৰ সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে।

ৰাষ্ট্ৰীয় শিক্ষা দিৱস উপলক্ষে শিক্ষাৰ ক্ষেত্ৰত ডিজিটেল মিডিয়াৰ ভাৰসাম্য প্ৰয়োগেৰে কেনেদৰে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক উৎকৰ্ষ সাধনত সহায় কৰিব পৰা যায় তাৰ ওপৰত জনতাৰ চৰকাৰ মাই গভ অসমে ৰাইজৰ পৰা পৰামৰ্শ বিচাৰিছে। আপোনাৰ বক্তব্য তলত মন্তব্য আকাৰে আমালৈ প্ৰেৰণ কৰিব পাৰে।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
18660

Nikhil singh 4 বছৰ 4 হিচাপপূৰ্বে

Dear Sir, Digital Media is both a boon and a bane, in the current society.The best idea to remove the bane is the acceptance of responsibility by the adult citizens to avoid it's over use. Secondly, there can be scope for education from distance location. Thirdly, there can be reduction of time and money waste, for the digital media being so effective. Finally, there is scope for keeping backup of activities done with care. Thus, the importance of digitalidation in education is discussed.