You don't have javascript enabled. Please Enabled javascript for better performance.

Gunuttaran | Students Turn Administrators, Innovators

Start Date: 08-11-2019
End Date: 30-11-2022
মৰিগাঁও নগৰৰ পৰা প্ৰায় ১২ কিঃমিঃ নিলগত অৱস্থিত এখন বিদ্যালয় পটুৱাকটা মধ্য ইংৰাজী বিদ্যালয়। এই চৰকাৰী বিদ্যালয়খনৰে এগৰাকী শিক্ষক কৌশিক দেৱনাথৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে কিছু বিশেষ কাৰ্যসূচী আৰম্ভ হৈছিল ২০১২ চনত - গুণোত্তৰণ নামেৰে। এই কাৰ্যসূচীয়ে ইতিমধ্যে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছে, লগতে পটুৱাকটা অঞ্চলত এক সুস্থ শৈক্ষিক পৰিৱেশ বিৰাজ কৰাৰ ক্ষেত্ৰতো অৰিহণা যোগাই আহিছে। ছাত্ৰ-ছাত্ৰীসকলক কেৱল পঢ়া শুনাৰ মাজতে আৱদ্ধ কৰি নাৰাখি শাৰীৰিক ব্যায়াম, বিজ্ঞান চৰ্চা, অৰ্থ সঞ্চয়, পৰিৱেশ সজাগতা, ক্ৰীড়া আদি বিভিন্ন দিশ সাঙুৰি এই গুণোত্তৰণ প্ৰকল্প আৰম্ভ হৈছিল। গুণোত্তৰণে বৰ্তমান ছাত্ৰ-ছাত্ৰী সকলক সকলো ক্ষেত্ৰতে আগৰণুৱা কৰি তুলিছে, ফলত ওচৰৰ পাজৰৰ অঞ্চলৰ অভিভাৱক সকল এইখন চৰকাৰী বিদ্যালয়ত নিজৰ সন্তানৰ নামভৰ্তি কৰাত আগ্ৰহী হৈ পৰিছে। মাই গভ অসমৰ প্ৰতিনিধিয়ে এই বিদ্যালয়খন ভ্ৰমণ কৰি বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ অধ্যয়্ন কৰাৰ লগতে বাৰ্তালাপ কৰিছিল কৌশিক দেৱনাথকে ধৰি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আাৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে। চাওঁ আহক এই ভিডিঅ’।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল
918610

Susanta Kumar Pattnaik 4 বছৰ 4 হিচাপপূৰ্বে

It becomes a role model for community and young generation. It inspires more to participate in national theme, more participation in govt programs. It spread social education to be on social flow and it generates we feeling and patriotic zeal. It keeps national integrity and sovereignty and unity and uniformity intact and Indian developmental trends acellerares. It refines culture and modifies behavior. It develops positive attitude and habits. It encourage positive thinking and control emotions