You don't have javascript enabled. Please Enabled javascript for better performance.

Pyranga Pledges for Ekta

Start Date: 31-10-2019
End Date: 31-10-2022
ৰাভা জনগোষ্ঠী আৰু মুছলমান সম্প্ৰদায়ৰ লোকসকলে একেলগে বসবাস কৰা কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত এখন অতি ভিতৰুৱা গাঁও পাইৰঙা । পূব পাইৰঙা আৰু পশ্চিম পাইৰঙা হিচাবে বিভক্ত এই গাঁওখনে বছৰ বছৰ ধৰি ঐক্য-সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। পূব পাইৰঙা গাঁৱৰ ৰাভা জনগোষ্ঠী আৰু পশ্চিম পাইৰঙা গাঁৱৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলে ঐক্যবদ্ধ হৈ উৎসৱ-পাৰ্বণ, খেলা-ধূলা, বোৱা-কটা আদি সকলো ক্ষেত্ৰতে নিজকে নিয়োজিত কৰি আহিছে। প্ৰধানকৈ মহিলাসকলে মিলিজুলি কৰা বোৱা-কটা কামৰ জৰিয়তে স্বাৱলম্বিতাৰ বাট মুকলি কৰি লবলৈও সক্ষম হৈছে। ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উপলক্ষে জনতাৰ চৰকাৰ মাই গভ্ অসমৰ উদ্যোগত এই পাইৰঙা গাঁৱত আজি অনুষ্ঠিত হৈ যায় এক সজাগতামূলক অনুষ্ঠান। ‘লৌহমানৱ’ চৰ্দাৰ বল্লভভাই পেটেলৰ আদৰ্শ আৰু কৰ্মৰাজিৰ প্ৰচাৰৰ লক্ষ্যৰে গাঁওখনৰ কণ কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজন কৰা হয় একতাৰ দৌৰ। জনতাৰ চৰকাৰ মাই গভ্ অসমৰ উদ্যোগত আয়োজিত এই বিশেষ অনুষ্ঠানটিত পূব পাইৰঙা আৰু পশ্চিম পাইৰঙা গাঁৱৰ সমূহ ৰাইজে অংশ লৈ এই সম্প্ৰীতিৰ এনাজৰীডাল অধিক সুদৃঢ় কৰাৰ হকে পণ লয়। এই অনুষ্ঠানত গাঁওবাসীৰ মাজত গছপুলি আৰু কাপোৰৰ বেগ বিতৰণ কৰা হয়। অনুষ্ঠানটিত অংশ লৈ স্বচ্ছতা আৰু পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত প্লাষ্টিক বৰ্জন কৰি বিকল্প সামগ্ৰী গ্ৰহণ কৰিবলৈ ৰাইজ সংকল্পবদ্ধ হয়।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল