You don't have javascript enabled. Please Enabled javascript for better performance.

Suggestions from citizens on ways to make the people of Assam aware about Assam Witch Hunting Bill

Start Date: 19-07-2018
End Date: 31-07-2021

ডাইনী সন্দেহত নিৰীহ লোকৰ হত্যা, সমাজৰ বাবে এক অতি অমানৱীয় আৰু ঘৃণনীয় ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ডাইনী সন্দেহত নিৰীহ লোকৰ হত্যা, সমাজৰ বাবে এক অতি অমানৱীয় আৰু ঘৃণনীয় কাম। ডাইনী হত্যাৰ নামত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বলি হৈ বহু নিৰীহ লোকে ইতিমধ্যে প্ৰাণ দিছে। এই ঘৃণনীয় কাৰ্য ৰোধ কৰাৰ বাবে অসম চৰকাৰে প্ৰস্তুত কৰা অসম ডাইনী হত্যা প্ৰতিৰোধী বিল ২০১৫, এক আইনত পৰিণত হোৱাৰ দুৱাৰ মুকলি হ’ল।
শেহতীয়াকৈ ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীযুত ৰাম নাথ কোৱিন্দ ডাঙৰীয়াই ‘অসম ডাইনী হত্যা (নিষিদ্ধকৰণ, প্ৰতিৰোধ আৰু সুৰক্ষা) বিল ২০১৫’ খনত অনুমোদন প্ৰদান কৰে। বিলখন অনুমোদন হোৱাৰ লগে লগে ই আইনত পৰিণত হোৱাৰ বাট মুকলি হ’ল। এই আইনৰ আধাৰত অভিযুক্তৰ বাবে জামিনবিহীন কঠোৰ শাস্তিৰ ব্যৱস্থা আছে।
এই আইনৰ আধাৰত অভিযুক্ত কোনো ব্যক্তি দোষী সাব্যস্ত হ’লে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩০২ ৰ অধীনত ৭ বছৰলৈ কাৰাবাস আৰু ৫ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে।
‘জনতাৰ চৰকাৰ MyGov Assam’ য়ে অসমৰ জনসাধাৰণৰ মাজত এই আইনৰ সজাগতা কিদৰে বঢ়াব পৰা যায়, এই বিষয়ে মতামত তথা দিহা পৰামৰ্শ বিচাৰিছে। অসমৰ সকলো প্ৰান্তত এই আইনৰ গুৰুত্ব বৃদ্ধি কৰাৰ ক্ষেত্ৰত আপোনাৰ পৰামৰ্শ আমাক জনাবলৈ অনুৰোধ জনালো।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
207260

Mandar Das 4 বছৰ 7 হিচাপপূৰ্বে

A paradigm shift in mindset change is required to eradicate all the fictitious and superstitious belief which can only be possible through imparting proper education and conducting mass awareness campaigns, specially targetting the remote sections of the society.